Translation of the Meanings of the Noble Quran - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
6 : 4

وَابْتَلُوا الْیَتٰمٰی حَتّٰۤی اِذَا بَلَغُوا النِّكَاحَ ۚ— فَاِنْ اٰنَسْتُمْ مِّنْهُمْ رُشْدًا فَادْفَعُوْۤا اِلَیْهِمْ اَمْوَالَهُمْ ۚ— وَلَا تَاْكُلُوْهَاۤ اِسْرَافًا وَّبِدَارًا اَنْ یَّكْبَرُوْا ؕ— وَمَنْ كَانَ غَنِیًّا فَلْیَسْتَعْفِفْ ۚ— وَمَنْ كَانَ فَقِیْرًا فَلْیَاْكُلْ بِالْمَعْرُوْفِ ؕ— فَاِذَا دَفَعْتُمْ اِلَیْهِمْ اَمْوَالَهُمْ فَاَشْهِدُوْا عَلَیْهِمْ ؕ— وَكَفٰی بِاللّٰهِ حَسِیْبًا ۟

আৰু তোমালোকে এতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱালৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক ওভতাই দিবা, আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে (সিহঁতৰ সম্পদ) লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিজন অভাৱমুক্ত তেওঁ যেন নিবৃত্ত থাকে আৰু যিজন বিত্তহীন তেওঁ যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ ওভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাপ গ্ৰহণত আল্লাহেই যথেষ্ট। info
التفاسير: