Check out the new design

Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. * - Translations’ Index

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the meanings Surah: Al-A‘rāf   Ayah:
وَلَقَدْ ذَرَاْنَا لِجَهَنَّمَ كَثِیْرًا مِّنَ الْجِنِّ وَالْاِنْسِ ۖؗ— لَهُمْ قُلُوْبٌ لَّا یَفْقَهُوْنَ بِهَا ؗ— وَلَهُمْ اَعْیُنٌ لَّا یُبْصِرُوْنَ بِهَا ؗ— وَلَهُمْ اٰذَانٌ لَّا یَسْمَعُوْنَ بِهَا ؕ— اُولٰٓىِٕكَ كَالْاَنْعَامِ بَلْ هُمْ اَضَلُّ ؕ— اُولٰٓىِٕكَ هُمُ الْغٰفِلُوْنَ ۟
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছোঁ, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।
Arabic explanations of the Qur’an:
وَلِلّٰهِ الْاَسْمَآءُ الْحُسْنٰی فَادْعُوْهُ بِهَا ۪— وَذَرُوا الَّذِیْنَ یُلْحِدُوْنَ فِیْۤ اَسْمَآىِٕهٖ ؕ— سَیُجْزَوْنَ مَا كَانُوْا یَعْمَلُوْنَ ۟
আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।
Arabic explanations of the Qur’an:
وَمِمَّنْ خَلَقْنَاۤ اُمَّةٌ یَّهْدُوْنَ بِالْحَقِّ وَبِهٖ یَعْدِلُوْنَ ۟۠
আৰু যিসকলক আমি সৃষ্টি কৰিছোঁ সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফো কৰে।
Arabic explanations of the Qur’an:
وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا سَنَسْتَدْرِجُهُمْ مِّنْ حَیْثُ لَا یَعْلَمُوْنَ ۟ۚ
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।
Arabic explanations of the Qur’an:
وَاُمْلِیْ لَهُمْ ؕ— اِنَّ كَیْدِیْ مَتِیْنٌ ۟
আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
Arabic explanations of the Qur’an:
اَوَلَمْ یَتَفَكَّرُوْا ٚ— مَا بِصَاحِبِهِمْ مِّنْ جِنَّةٍ ؕ— اِنْ هُوَ اِلَّا نَذِیْرٌ مُّبِیْنٌ ۟
সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।
Arabic explanations of the Qur’an:
اَوَلَمْ یَنْظُرُوْا فِیْ مَلَكُوْتِ السَّمٰوٰتِ وَالْاَرْضِ وَمَا خَلَقَ اللّٰهُ مِنْ شَیْءٍ ۙ— وَّاَنْ عَسٰۤی اَنْ یَّكُوْنَ قَدِ اقْتَرَبَ اَجَلُهُمْ ۚ— فَبِاَیِّ حَدِیْثٍ بَعْدَهٗ یُؤْمِنُوْنَ ۟
সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱতঃ সিহঁতৰ নিৰ্ধাৰিত সময় অতি নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?
Arabic explanations of the Qur’an:
مَنْ یُّضْلِلِ اللّٰهُ فَلَا هَادِیَ لَهٗ ؕ— وَیَذَرُهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟
আল্লাহে যাক বিপথগামী কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিয়ে।
Arabic explanations of the Qur’an:
یَسْـَٔلُوْنَكَ عَنِ السَّاعَةِ اَیَّانَ مُرْسٰىهَا ؕ— قُلْ اِنَّمَا عِلْمُهَا عِنْدَ رَبِّیْ ۚ— لَا یُجَلِّیْهَا لِوَقْتِهَاۤ اِلَّا هُوَ ؔؕۘ— ثَقُلَتْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— لَا تَاْتِیْكُمْ اِلَّا بَغْتَةً ؕ— یَسْـَٔلُوْنَكَ كَاَنَّكَ حَفِیٌّ عَنْهَا ؕ— قُلْ اِنَّمَا عِلْمُهَا عِنْدَ اللّٰهِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰতহে আছে। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকাশমণ্ডল আৰু পৃথিৱীত সেইটো হ’ব এটা ভয়ংকৰ ঘটনা। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
Arabic explanations of the Qur’an:
 
Translation of the meanings Surah: Al-A‘rāf
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. - Translations’ Index

Translated by Rafiqul Islam Habibur Rahman

close