Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
100 : 7

اَوَلَمْ یَهْدِ لِلَّذِیْنَ یَرِثُوْنَ الْاَرْضَ مِنْ بَعْدِ اَهْلِهَاۤ اَنْ لَّوْ نَشَآءُ اَصَبْنٰهُمْ بِذُنُوْبِهِمْ ۚ— وَنَطْبَعُ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَسْمَعُوْنَ ۟

কোনো দেশৰ জনগণৰ (ধ্বংসৰ) পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰোঁ? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব। info
التفاسير: