Check out the new design

Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán. * - Índice de traducciones


Traducción de significados Versículo: (220) Capítulo: Al-Baqara
فِی الدُّنْیَا وَالْاٰخِرَةِ ؕ— وَیَسْـَٔلُوْنَكَ عَنِ الْیَتٰمٰی ؕ— قُلْ اِصْلَاحٌ لَّهُمْ خَیْرٌ ؕ— وَاِنْ تُخَالِطُوْهُمْ فَاِخْوَانُكُمْ ؕ— وَاللّٰهُ یَعْلَمُ الْمُفْسِدَ مِنَ الْمُصْلِحِ ؕ— وَلَوْ شَآءَ اللّٰهُ لَاَعْنَتَكُمْ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
ইয়াক (অৰ্থাৎ উক্ত বিধানক) চৰীয়তৰ অন্তৰ্ভুক্ত কৰিছে যাতে তোমালোকে চিন্তা-চৰ্চা কৰা যে, পৃথিৱী আৰু পৰকালত কোনটো বস্তু তোমালোকৰ বাবে লাভদায়ক হব। তথা হে নবী! আপোনাক আপোনাৰ সঙ্গীসকলে অনাথৰ অভিভাৱক হোৱাৰ বিষয়ে প্ৰশ্ন কৰে যে, অনাথৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত? অনাথৰ সম্পত্তি নিজৰ সম্পত্তিৰ লগত একত্ৰিত কৰি ব্যয় কৰিব পাৰি নে নাই? লগতে খোৱা-বোৱা আৰু থকা মেলাৰ বিধান কি? আপুনি কৈ দিয়ক যে, যদি সিহঁতৰ সম্পদ তোমালোকৰ সম্পদৰ লগত মিশ্ৰিত নকৰাকৈ আৰু কোনো পাৰিশ্ৰমিক নোলোৱাকৈ সঠিকভাৱে সিহঁতৰ সম্পদ সংৰক্ষণ কৰা তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাবো অধিক। লগতে সিহঁতৰ সম্পত্তিৰ বাবেও উত্তম, কাৰণ এনে কৰিলে সিহঁতৰ সম্পদ সুৰক্ষিত থাকিব। কিন্তু যদি সিহঁতৰ সম্পদ তোমালোকৰ সম্পদৰ লগত মিশ্ৰিত কৰি সিহঁতৰ খোৱা-বোৱা আৰু থকা মেলাৰ ব্যৱস্থা কৰা, তথাপিও কোনো অসুবিধা নাই, কিয়নো সিহঁত তোমালোকৰ দ্বীনি ভাই। গতিকে ভাই এজনে আনজনৰ সহায় কৰে। আল্লাহে অতি ভালকৈ জানে, কোনে অভিভাৱক হৈ অনাথৰ সম্পদ আত্মসাৎ কৰিবলৈ সিহঁতৰ সম্পদ নিজৰ সম্পদৰ লগত মিশ্ৰিত কৰে আৰু কোনে সংৰক্ষণ কৰিবলৈ মিশ্ৰিত কৰে। যদি আল্লাহে অনাথ সম্পৰ্কে তোমালোকক বিপদত পেলাব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় পেলালেহেঁতেন। কিন্তু আল্লাহে সিহঁতৰ লগত লেনদেন সহজ কৰি দিছে। কিয়নো সিহঁতৰ বিষয়টো সৰলতাৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ সৃষ্টি, নিয়ন্ত্ৰণ আৰু বিধান প্ৰস্তুত কৰাত প্ৰজ্ঞাৱান।
Las Exégesis Árabes:
Beneficios de los versículos de esta página:
• تحريم النكاح بين المسلمين والمشركين، وذلك لبُعد ما بين الشرك والإيمان.
মুছলিম আৰু মুশ্বৰিকৰ মাজত বিবাহ বন্ধন হাৰাম, কাৰণ শ্বিৰ্ক আৰু ঈমানৰ মাজত ডাঙৰ ব্যৱধান আছে।

• دلت الآية على اشتراط الولي عند عقد النكاح؛ لأن الله تعالى خاطب الأولياء لمّا نهى عن تزويج المشركين.
উক্ত আয়াতে প্ৰমাণ কৰে যে, বিবাহৰ সময়ত অভিভাৱক থকাটো বিবাহৰ চৰ্ত। কিয়নো আল্লাহে মুশ্বৰিকৰ লগত বিবাহ সংক্ৰান্ত বিষয়ত অভিভাৱকক সম্বোধন কৰিছে।

• حث الشريعة على الطهارة الحسية من النجاسات والأقذار، والطهارة المعنوية من الشرك والمعاصي.
চৰীয়তে সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৰিস্কাৰ পৰিচ্ছন্ন থাকিবলৈ প্ৰেৰণা যোগায়, প্ৰকাশ্য অপৱিত্ৰতা যেনে- ময়লা-আৱৰ্জনা আৰু নাপাকী আৰু আভ্যন্তৰীণ অপৱিত্ৰতা যেনে- শ্বিৰ্ক আৰু অন্যান্য গুনাহ।

• ترغيب المؤمن في أن يكون نظره في أعماله - حتى ما يتعلق بالملذات - إلى الدار الآخرة، فيقدم لنفسه ما ينفعه فيها.
মুমিনসকলক সকলো কৰ্মতে আখিৰাতৰ পিনে লক্ষ্য ৰাখিবলৈ উদ্বুদ্ধ কৰিছে আনকি উপভোগ কৰাৰ সময়তো। এতেকে নিজৰ বাবে সেই বস্তুটো চয়ন কৰা উচিত যিটো আখিৰাতত অধিক লাভদায়ক হব।

 
Traducción de significados Versículo: (220) Capítulo: Al-Baqara
Índice de Capítulos Número de página
 
Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán. - Índice de traducciones

Emitido por el Centro Tafsir de Estudios Coránicos.

Cerrar