Traducción de los significados del Sagrado Corán - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Índice de traducciones


Traducción de significados Versículo: (34) Capítulo: Sura Al-An'aam
وَلَقَدْ كُذِّبَتْ رُسُلٌ مِّنْ قَبْلِكَ فَصَبَرُوْا عَلٰی مَا كُذِّبُوْا وَاُوْذُوْا حَتّٰۤی اَتٰىهُمْ نَصْرُنَا ۚ— وَلَا مُبَدِّلَ لِكَلِمٰتِ اللّٰهِ ۚ— وَلَقَدْ جَآءَكَ مِنْ نَّبَاۡ الْمُرْسَلِیْنَ ۟
আপুনি এইটো নাভাবিব যে, আপুনি যি লৈ আহিছে কেৱল সেইটোকেই মিছা প্ৰতিপন্ন কৰা হৈছে, বৰং আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক মিছা প্ৰতিপন্ন কৰা হৈছিল তথা তেওঁলোকৰ সম্প্ৰদায়ৰ ফালৰ পৰাও নিৰ্যাতন কৰা হৈছিল, তথাপিও তেওঁলোকে আল্লাহৰ পিনে আহ্বান কৰা কাৰ্যত আৰু তেওঁৰ পথত জিহাদ কৰা কাৰ্যত অটল আছিল। অৱশেষত তেওঁলোকৰ ওচৰত আল্লাহৰ সহায় আহি পাইছিল। আল্লাহে ৰাছুলসকলৰ বাবে যি সহায় ধাৰ্য কৰিছে আৰু ৰাছুলসকলক যি প্ৰতিশ্ৰুতি দিছে, সেইটোক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ ওচৰত পূৰ্বৱৰ্তী ৰাছুলসকলৰ সংবাদ আহি পৰিছে যে, তেওঁলোকক তেওঁলোকৰ জাতিয়ে কি ধৰণে নিৰ্যাতন কৰিছিল আৰু আল্লাহে কিদৰে তেওঁলোকক সহায় কৰিছিল তথা কিদৰে তেওঁলোকৰ শত্ৰুক দমন কৰিছিল।
Las Exégesis Árabes:
Beneficios de los versículos de esta página:
• من عدل الله تعالى أنه يجمع العابد والمعبود والتابع والمتبوع في عَرَصات القيامة ليشهد بعضهم على بعض.
এইটো আল্লাহৰ ন্যায় যে, তেওঁ ক্বিয়ামতৰ দিনা উপাস্যকাৰী আৰু উপাস্যক লগতে অনুসৰণকাৰী আৰু যাৰ অনুসৰণ কৰা হৈছে সকলোকে একত্ৰিত কৰিব, যাতে ইজনে সিজনৰ বিৰুদ্ধে সাক্ষ্য দান কৰিব পাৰে।

• ليس كل من يسمع القرآن ينتفع به، فربما يوجد حائل مثل ختم القلب أو الصَّمَم عن الانتفاع أو غير ذلك.
কোৰআন শ্ৰৱণকাৰী সকলোৱেই যে, কোৰআনৰ পৰা উপকৃত হ'ব সেয়া জৰুৰী নহয়। কাৰণ কেতিয়াবা কেতিয়াবা কিছুমান প্ৰতিৰোধ আহি পৰে, যেনে অন্তৰত মোহৰ লগাই দিয়া অথবা উপকৃত হ'ব পৰা শ্ৰৱণশক্তি নথকা ইত্যাদি।

• بيان أن المشركين وإن كانوا يكذبون في الظاهر فهم يستيقنون في دواخلهم بصدق النبي عليه الصلاة والسلام.
এই বিষয়ৰ বৰ্ণনা যে, মুশ্বৰিকসকলে যদিও নবী চাল্লাল্লাহু আলাইহি অছল্লামক প্ৰকাশ্যভাৱে অস্বীকাৰ কৰিছিল কিন্তু অন্তৰেৰে এই বিশ্বাস পোষণ কৰিছিল যে, তেওঁ সত্য নবী।

• تسلية النبي عليه الصلاة والسلام ومواساته بإعلامه أن هذا التكذيب لم يقع له وحده، بل هي طريقة المشركين في معاملة الرسل السابقين.
এই কথাৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্তনা প্ৰদান কৰা যে, কেৱল তেওঁকেই মিছা প্ৰতিপন্ন কৰা হোৱা নাই বৰং মুশ্বৰিকসকলৰ এই আচৰণ পূৰ্বৱৰ্তী ৰাছুলসকলৰ লগতো আছিল।

 
Traducción de significados Versículo: (34) Capítulo: Sura Al-An'aam
Índice de Capítulos Número de página
 
Traducción de los significados del Sagrado Corán - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Índice de traducciones

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Cerrar