Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (31) Simoore: Simoore yuunus
قُلْ مَنْ یَّرْزُقُكُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ اَمَّنْ یَّمْلِكُ السَّمْعَ وَالْاَبْصَارَ وَمَنْ یُّخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَیُخْرِجُ الْمَیِّتَ مِنَ الْحَیِّ وَمَنْ یُّدَبِّرُ الْاَمْرَ ؕ— فَسَیَقُوْلُوْنَ اللّٰهُ ۚ— فَقُلْ اَفَلَا تَتَّقُوْنَ ۟
হে ৰাছুল! আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা এই লোকসকলক সোধকচোন যে, আকাশৰ পৰা বৰষুণ বৰ্ষাই তোমালোকক কোনে জীৱিকা প্ৰদান কৰে? তথা ভূমিৰ পৰা উদ্ভিদ সৃষ্টি কৰি আৰু মাটিৰ তলত নিহিত থকা খনিজ সম্পদৰ দ্বাৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোনে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে? যেনে শুক্ৰাণুৰ পৰা মানুহ আৰু কণীৰ পৰা চৰাই। আৰু কোনে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়? যেনে- জীৱৰ পৰা শুক্ৰাণু আৰু চৰাইৰ পৰা কণী। আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজত থকা জীৱৰ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কোনে যোগান ধৰে? সিহঁতে উত্তৰ দিবঃ এই সকলোবোৰ আল্লাহেই সম্পাদন কৰে। তেতিয়া আপুনি সিহঁতক কৈ দিয়ক যে, তেন্তে তোমালোকে এয়া নাজানা নেকি, আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়?
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• أعظم نعيم يُرَغَّب به المؤمن هو النظر إلى وجه الله تعالى.
আটাইতকৈ ডাঙৰ নিয়ামত, যিটোৰ জৰিয়তে মুমিনসকলক উৎসাহিত কৰা হয়, সেয়া হৈছে আল্লাহৰ সন্মানিত চেহেৰা দৰ্শন।

• بيان قدرة الله، وأنه على كل شيء قدير.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা, আৰু এই কথাৰ বৰ্ণনা যে, তেওঁ সকলো বিষয়ত ক্ষমতাৱান।

• التوحيد في الربوبية والإشراك في الإلهية باطل، فلا بد من توحيدهما معًا.
ৰূবুবিয়্যাতৰ ক্ষেত্ৰত তেওঁ একক, ইবাদতৰ ক্ষেত্ৰত কোনো ধৰণৰ অংশীদাৰ গ্ৰহণযোগ্য নহয়। উভয় ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা অনিবাৰ্য।

• إذا قضى الله بعدم إيمان قوم بسبب معاصيهم فإنهم لا يؤمنون.
যদি আল্লাহে কোনো সম্প্ৰদায় সম্পৰ্কে সিহঁতে কৰা গুনাহৰ ফলত ঈমান পোষণ নকৰাৰ ফয়চালা দিয়ে তেন্তে সিহঁত কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব।

 
Firo maanaaji Aaya: (31) Simoore: Simoore yuunus
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude