Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Simoore: Simoore ɓaaƴo (al-humasa)   Aaya:

ছুৰা আল-হুমাঝাহ

Ina jeyaa e payndaale simoore ndee:
التحذير من الاستهزاء بالمؤمنين اغترارًا بكثرة المال.
ধন-সম্পদৰ প্ৰৱঞ্চনাত পৰি মুমিনসকলক উপলুঙা কৰা তথা ঠাট্টা-বিদ্ৰূপ কৰা লোকসকলক সাৱধান কৰা হৈছে।

وَیْلٌ لِّكُلِّ هُمَزَةٍ لُّمَزَةِ ۟ۙ
বিনাশ আৰু কঠোৰ শাস্তি সেই সকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফুৰে।
Faccirooji aarabeeji:
١لَّذِیْ جَمَعَ مَالًا وَّعَدَّدَهٗ ۟ۙ
যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেয়া বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আৰু আন কোনো উদ্দেশ্য নাই।
Faccirooji aarabeeji:
یَحْسَبُ اَنَّ مَالَهٗۤ اَخْلَدَهٗ ۟ۚ
সি ভাৱে যে, তাৰ ধন-সম্পদ, যিবোৰ সি জমা কৰিছে, সেইবোৰে তাক মৃত্যুৰ পৰা বচাব আৰু পৃথিৱীত অমৰ হৈ থাকিব।
Faccirooji aarabeeji:
كَلَّا لَیُنْۢبَذَنَّ فِی الْحُطَمَةِ ۟ؗۖ
বিষয়টো তেনেকুৱা নহয় যিদৰে এই মূৰ্খই ভাবিছে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হব। যি জুয়ে তাৰ মাজত নিক্ষেপ কৰা সকলো বস্তুকে ধূলি কণা বনাই দিয়ে।
Faccirooji aarabeeji:
وَمَاۤ اَدْرٰىكَ مَا الْحُطَمَةُ ۟ؕ
হে ৰাছুল, আপোনাক কিহে জনাব যে সেই অগ্নি কি?
Faccirooji aarabeeji:
نَارُ اللّٰهِ الْمُوْقَدَةُ ۟ۙ
সেয়া আল্লাহৰ অতি উত্তপ্ত অগ্নি।
Faccirooji aarabeeji:
الَّتِیْ تَطَّلِعُ عَلَی الْاَفْـِٕدَةِ ۟ؕ
যিয়ে মানুহৰ শৰীৰ অতিক্ৰম কৰি তাৰ অন্তৰলৈ ঢুকি পাব।
Faccirooji aarabeeji:
اِنَّهَا عَلَیْهِمْ مُّؤْصَدَةٌ ۟ۙ
তাৰ ভিতৰত শাস্তি দিয়া ব্যক্তিসকলৰ কাৰণে সেইটো বন্ধ কৰি দিয়া হব।
Faccirooji aarabeeji:
فِیْ عَمَدٍ مُّمَدَّدَةٍ ۟۠
দীঘল দীঘল স্তম্ভৰ সৈতে, যাতে ওলাব নোৱাৰে।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• خسران من لم يتصفوا بالإيمان وعمل الصالحات، والتواصي بالحق، والتواصي بالصبر.
সেই সকলৰ বাবে বিফলতা অনিবাৰ্য, যিসকলে ঈমান, সৎকৰ্ম, সত্যৰ উপদেশ আৰু ধৈৰ্যৰ উপদেশ আদিৰ পৰা বিৰত থাকে।

• تحريم الهَمْز واللَّمْز في الناس.
মানুহৰ মাজত পৰচৰ্চা, পৰনিন্দা কৰা হাৰাম।

• دفاع الله عن بيته الحرام، وهذا من الأمن الذي قضاه الله له.
আল্লাহে নিজৰ সন্মানিত ঘৰ কাবাৰ সুৰক্ষা কৰে। আচলতে এয়া হৈছে সেই নিৰাপত্তাৰ অংশ বিশেষ, যিটো আল্লাহ তাআলাই সেই ঘৰৰ কাৰণে ফয়চালা কৰি ৰাখিছে।

 
Firo maanaaji Simoore: Simoore ɓaaƴo (al-humasa)
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude