Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Simoore: Simoore al-masad   Aaya:

ছুৰা আল-মাছাদ

Ina jeyaa e payndaale simoore ndee:
بيان خسران أبي لهب وزوجه.
আবু লাহাব আৰু তাৰ স্ত্ৰীৰ ক্ষতিৰ বৰ্ণনা।

تَبَّتْ یَدَاۤ اَبِیْ لَهَبٍ وَّتَبَّ ۟ؕ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰস্ত কাৰণ তাৰ আমল নিকৃষ্ট, আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যেতিয়া সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিব বিচাৰিছিল।
Faccirooji aarabeeji:
مَاۤ اَغْنٰی عَنْهُ مَالُهٗ وَمَا كَسَبَ ۟ؕ
ধন, সন্তান কোনো বস্তুই তাৰ কোনো উপকাৰত অহা নাই। আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাই। আৰু তাক দয়াৰ পাত্ৰও বনাব পৰা নাই।
Faccirooji aarabeeji:
سَیَصْلٰی نَارًا ذَاتَ لَهَبٍ ۟ۙ
সি অনতিপলমে ক্বিয়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ হব আৰু জ্বলি থাকিব।
Faccirooji aarabeeji:
وَّامْرَاَتُهٗ ؕ— حَمَّالَةَ الْحَطَبِ ۟ۚ
আৰু তাৰ স্ত্ৰী উম্মে জামিলেও তাৰ ভিতৰত প্ৰৱেশ কৰিব। যিজনীয়ে আল্লাহৰ ৰাছুলক ৰাস্তাৰ মাজত কঁটা পাতি কষ্ট দিছিল।
Faccirooji aarabeeji:
فِیْ جِیْدِهَا حَبْلٌ مِّنْ مَّسَدٍ ۟۠
তাইৰ ডিঙিত শক্তিশালী পকোৱা টান ৰছি থাকিব, যিটো তাইৰ ডিঙিত লগাই চোঁচৰাই অগ্নিৰ ফালে লৈ যোৱা হব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• المفاصلة مع الكفار.
কাফিৰ সকলৰ পৰা দূৰত্ব অৱলম্বন কৰা।

• مقابلة النعم بالشكر.
অনুগ্ৰহৰ বিনিময় স্বৰূপে কৃতজ্ঞতাৰ আৱশ্যকতা।

• سورة المسد من دلائل النبوة؛ لأنها حكمت على أبي لهب بالموت كافرًا ومات بعد عشر سنين على ذلك.
ছুৰা মাছাদ নবুওৱতৰ এটা অন্যতম প্ৰমাণ। কিয়নো এইটোৱে আবু লাহাবক কাফিৰ অৱস্থাত মৃত্যু হোৱাৰ কথা কৈছিল আৰু সি ইয়াৰ দহ বছৰ পিছত কাফিৰ অৱস্থাতেই মৃত্যু হৈছে।

• صِحَّة أنكحة الكفار.
কাফিৰৰ বিবাহ সঠিক।

 
Firo maanaaji Simoore: Simoore al-masad
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude