Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (37) Simoore: Simoore Saba
وَمَاۤ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ بِالَّتِیْ تُقَرِّبُكُمْ عِنْدَنَا زُلْفٰۤی اِلَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا ؗ— فَاُولٰٓىِٕكَ لَهُمْ جَزَآءُ الضِّعْفِ بِمَا عَمِلُوْا وَهُمْ فِی الْغُرُفٰتِ اٰمِنُوْنَ ۟
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ পথ দেখুৱাব নোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে তেন্তে তেওঁ দ্বিগুণ ছোৱাব অৰ্জন কৰিব। কাৰণ তেওঁৰ সেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বিগুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তিৰে বসবাস কৰিব। তেওঁলোকে শাস্তিৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• تبرؤ الأتباع والمتبوعين بعضهم من بعض، لا يُعْفِي كلًّا من مسؤوليته.
অনুসৰণকাৰী আৰু যাক অনুসৰণ কৰা হৈছে, সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিলেও সিহঁতৰ কাৰো উপকাৰ নহ’ব।

• الترف مُبْعِد عن الإذعان للحق والانقياد له.
ভোগ-বিলাসে আৰু আমোদ-প্ৰমোদে মানুহক সত্যৰ সন্মুখত নত স্বীকাৰ কৰিবলৈ তথা সত্যক মানিবলৈ বাধা দিয়ে।

• المؤمن ينفعه ماله وولده، والكافر لا ينتفع بهما.
মুমিনসকলে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা উপকৃত হয়। পক্ষান্তৰে কাফিৰসকলে ইয়াৰ পৰা বঞ্চিত থাকে।

• الإنفاق في سبيل الله يؤدي إلى إخلاف المال في الدنيا، والجزاء الحسن في الآخرة.
আল্লাহৰ পথত ব্যয় কৰিলে পৃথিৱীতো প্ৰতিফল পোৱা যায় আৰু আখিৰাততো উত্তম প্ৰতিদান লাভ হয়।

 
Firo maanaaji Aaya: (37) Simoore: Simoore Saba
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude