Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (116) Simoore: Simoore rewɓe
اِنَّ اللّٰهَ لَا یَغْفِرُ اَنْ یُّشْرَكَ بِهٖ وَیَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ یَّشَآءُ ؕ— وَمَنْ یُّشْرِكْ بِاللّٰهِ فَقَدْ ضَلَّ ضَلٰلًا بَعِیْدًا ۟
নিশ্চয় আল্লাহে তেওঁৰ লগত কৰা শ্বিৰ্কক কেতিয়াও ক্ষমা নকৰে, বৰং মুশ্বৰিক ব্যক্তিক চিৰকাল জাহান্নামত ৰাখিব। শ্বিৰ্কৰ বাহিৰে আন যিকোনো গুনাহ তেওঁ ইচ্ছা কৰিলে নিজ কৃপা আৰু অনুগ্ৰহত ক্ষমা কৰি দিব। যিয়ে আল্লাহৰ আন কাকো অংশী স্থাপন কৰিব, সি সত্য পথৰ পৰা বহু দূৰ আঁতৰি যাব। কিয়নো সি সৃষ্টিক স্ৰষ্টাৰ সমকক্ষ কৰিছে।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• أكثر تناجي الناس لا خير فيه، بل ربما كان فيه وزر، وقليل من كلامهم فيما بينهم يتضمن خيرًا ومعروفًا.
মানুহৰ অধিকাংশ গোপন কথাপোকথনত কোনো কল্যাণ নাথাকে। বৰং কেতিয়াবা কেতিয়াবা তাত গোনাহে হয়। বহুত কম এনেকুৱা হয় য’ত পাৰস্পাৰিক গোপন কথাপোকথনত কল্যাণ তথা ভাল কামৰ আলোচনা হয়।

• معاندة الرسول صلى الله عليه وسلم ومخالفة سبيل المؤمنين نهايتها البعد عن الله ودخول النار.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত শত্ৰুতা আৰু মুমিনসকলৰ পথৰ বিৰোধিতা কৰাৰ পৰিণাম হৈছে আল্লাহৰ পৰা দূৰত্ব আৰু জাহান্নামত প্ৰৱেশ।

• كل الذنوب تحت مشيئة الله، فقد يُغفر لصاحبها، إلا الشرك، فلا يغفره الله أبدًا، إذا لم يتب صاحبه ومات عليه.
প্ৰত্যেক গুনাহ আল্লাহৰ ইচ্ছাধীন থাকে, তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে। কিন্তু যদি শ্বিৰ্ক কৰা ব্যক্তিয়ে তাওবা নকৰাকৈ সেই অৱস্থাতে মৃত্যুবৰণ কৰে তেন্তে তেওঁ কেতিয়াও সেই শ্বিৰ্ক গুনাহ ক্ষমা নকৰে।

• غاية الشيطان صرف الناس عن عبادة الله تعالى، ومن أعظم وسائله تزيين الباطل بالأماني الغرارة والوعود الكاذبة.
চয়তানৰ আচল উদ্দেশ্য হৈছে মানুহক আল্লাহৰ ইবাদতৰ পৰা দূৰ কৰা। আৰু তাৰ ডাঙৰ উপায়টো হৈছে অসত্যক প্ৰতাৰণামূলক আশাৰে আৰু মিছা প্ৰতিশ্ৰুতিৰে সুসজ্জিত কৰি দাঙি ধৰা।

 
Firo maanaaji Aaya: (116) Simoore: Simoore rewɓe
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude