Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (16) Simoore: Simoore Gaafir
یَوْمَ هُمْ بَارِزُوْنَ ۚ۬— لَا یَخْفٰی عَلَی اللّٰهِ مِنْهُمْ شَیْءٌ ؕ— لِمَنِ الْمُلْكُ الْیَوْمَ ؕ— لِلّٰهِ الْوَاحِدِ الْقَهَّارِ ۟
যিদিনা সকলোৱে এটা স্থানতে একত্ৰিত হ'ব। সিহঁতৰ কোনো বিষয়েই আল্লাহৰ পৰা গোপন নাথাকিব। সিহঁতৰ ব্যক্তিত্ব সম্পৰ্কেই হওক অথবা সিহঁতৰ কৰ্ম সম্পৰ্কে নাইবা সিহঁতৰ প্ৰতিফল সম্পৰ্কে। তেওঁ সুধিবঃ আজি ৰাজত্ব কাৰ, আজি এটা উত্তৰৰ বাহিৰে আন কোনো উপায় নাই। ৰাজত্ব একমাত্ৰ আল্লাহৰ, যিজন সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক। তেওঁ সৰ্বশক্তিমান, প্ৰত্যেক বস্তু তেওঁৰেই অধীনস্থ। তথা প্ৰত্যেকেই তেওঁৰ আগত শিৰনত কৰিবলৈ বাধ্য।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• مَحَلُّ قبول التوبة الحياة الدنيا.
তাওবা কবূল হোৱাৰ একমাত্ৰ ঠাই হৈছে পাৰ্থিৱ জীৱন।

• نفع الموعظة خاص بالمنيبين إلى ربهم.
উপদেশ কেৱল সেইসকল লোকৰ বাবেই লাভদায়ক, বিশেষকৈ যিসকলে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে তথা তাওবা কৰে।

• استقامة المؤمن لا تؤثر فيها مواقف الكفار الرافضة لدينه.
কাফিৰসকলৰ ফালৰ পৰা ধৰ্মক প্ৰত্যাখ্যান কৰা মন্তব্যই প্ৰতিষ্ঠিত মুমিনক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে।

• خضوع الجبابرة والظلمة من الملوك لله يوم القيامة.
কিয়ামতৰ দিনা ডাঙৰ ডাঙৰ যালিম তথা শক্তিশালী বাদশ্বাহসকলেও আল্লাহৰ সন্মুখত শিৰনত কৰি থিয় দিব।

 
Firo maanaaji Aaya: (16) Simoore: Simoore Gaafir
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude