Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (117) Simoore: Simoore maa'ida
مَا قُلْتُ لَهُمْ اِلَّا مَاۤ اَمَرْتَنِیْ بِهٖۤ اَنِ اعْبُدُوا اللّٰهَ رَبِّیْ وَرَبَّكُمْ ۚ— وَكُنْتُ عَلَیْهِمْ شَهِیْدًا مَّا دُمْتُ فِیْهِمْ ۚ— فَلَمَّا تَوَفَّیْتَنِیْ كُنْتَ اَنْتَ الرَّقِیْبَ عَلَیْهِمْ ؕ— وَاَنْتَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
ঈছা আলাইহিছ ছালামে নিজ প্ৰতিপালকক ক'লেঃ মই সিহঁতক সেইটোৱে কৈছো যিটো ক'বলৈ তুমি মোক আদেশ কৰিছিলা যে, সিহঁতে যেন কেৱল তোমাৰেই ইবাদত কৰে, আৰু মই যিমান দিন সিহঁতৰ মাজত আছিলো সিহঁতৰ তত্বাৱধায়ক আছিলো। কিন্তু যেতিয়া মোৰ অৱস্থান সময় শেষ হ'ল আৰু তুমি মোক জীৱিত অৱস্থাত আকাশলৈ উঠাই আনিলা, তাৰ পিছত হে মোৰ ৰব্ব! তুমিয়ে সিহঁতৰ কৰ্মৰ ৰক্ষক আছিলা। তুমি প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত। কোনো বস্তু তোমাৰ পৰা গোপন নহয়, মই সিহঁতক কি কৈছিলো, আৰু মোৰ পিছত সিহঁতে কি কৈছে, সেই সকলোবোৰ তুমি জানা।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• توعد الله تعالى كل من أصرَّ على كفره وعناده بعد قيام الحجة الواضحة عليه.
স্পষ্ট প্ৰমাণ অহাৰ পিছতো যিয়ে কুফৰ তথা অবাধ্যতাৰ পথ অৱলম্বন কৰিব, তাৰ বাবে আল্লাহে শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।

• تَبْرئة المسيح عليه السلام من ادعاء النصارى بأنه أبلغهم أنه الله أو أنه ابن الله أو أنه ادعى الربوبية أو الألوهية.
মছীহ আলাইহিছ ছালামক খৃষ্টানসকলৰ এই দাবীৰ পৰা মুক্ত কৰা যে, তেৱেঁই আল্লাহ অথবা তেওঁ আল্লাহৰ পুত্ৰ নাইবা তেওঁ ৰব্ব হোৱাৰ বা উপাস্য হোৱাৰ দাবী কৰিছিল।

• أن الله تعالى يسأل يوم القيامة عظماء الناس وأشرافهم من الرسل، فكيف بمن دونهم درجة؟!
ক্বিয়ামতৰ দিনা আল্লাহে সকলোতকৈ সন্মানিত লোকসকল অৰ্থাৎ নবীসকলকো প্ৰশ্ন কৰিব, তেন্তে তেওঁলোকতকৈ নিম্ন শ্ৰেণীৰ লোকৰ কি অৱস্থা হ'ব?।

• علو منزلة الصدق، وثناء الله تعالى على أهله، وبيان نفع الصدق لأهله يوم القيامة.
সততাৰ স্থান হৈছে অতি উচ্চ। আল্লাহে সৎলোকৰ প্ৰশংসা কৰিছে তথা ক্বিয়ামতৰ দিনা তেওঁলোকৰ সততাই উপকাৰ কৰিব বুলি বৰ্ণনা কৰিছে।

 
Firo maanaaji Aaya: (117) Simoore: Simoore maa'ida
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude