Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (10) Simoore: Simoore njamndi
وَمَا لَكُمْ اَلَّا تُنْفِقُوْا فِیْ سَبِیْلِ اللّٰهِ وَلِلّٰهِ مِیْرَاثُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— لَا یَسْتَوِیْ مِنْكُمْ مَّنْ اَنْفَقَ مِنْ قَبْلِ الْفَتْحِ وَقٰتَلَ ؕ— اُولٰٓىِٕكَ اَعْظَمُ دَرَجَةً مِّنَ الَّذِیْنَ اَنْفَقُوْا مِنْ بَعْدُ وَقَاتَلُوْاؕ— وَكُلًّا وَّعَدَ اللّٰهُ الْحُسْنٰی ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟۠
আল্লাহৰ পথত ব্যয় কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে?! অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বস্বত্ব আল্লাহৰ। হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে মক্কা বিজয়ৰ পূৰ্বে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে নিজৰ সম্পদ ব্যয় কৰিছে আৰু ইছলামক সহায় কৰিবলৈ কাফিৰসকলৰ লগত যুদ্ধ কৰিছে, আনহাতে যিয়ে মক্কা বিজয়ৰ পিছত অৰ্থ-সম্পদ ব্যয় কৰিছে আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰিছে, তেওঁলোক কেতিয়াও সমান হ’ব নোৱাৰে। বিজয়ৰ পূৰ্বে যিসকলে আল্লাহৰ পথত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে তেওঁলোক আল্লাহৰ ওচৰত অধিক মর্যাদাৱান সেইসকল লোকৰ তুলনাত যিসকলে বিজয়ৰ পিছত আল্লাহৰ পথত ব্যয় কৰিছে তথা কাফিৰসকলৰ সৈতে যুদ্ধ কৰিছে। যদিও আল্লাহে উভয় পক্ষৰ লগত জান্নাতৰ অঙ্গীকাৰ কৰিছে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কৰ্ম সম্পর্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দান কৰিব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী।

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে।

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়।

 
Firo maanaaji Aaya: (10) Simoore: Simoore njamndi
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude