Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Simoore: Simoore Neɗɗo   Aaya:

ছুৰা আল-ইনছান

Ina jeyaa e payndaale simoore ndee:
تذكير الإنسان بأصل خلقه، ومصيره، وبيان ما أعد الله في الجنة لأوليائه.
মানুহ কিহেৰে সৃষ্টি আৰু ইয়াৰ ঠিকনা কি এই বিষয়টো স্মৰণ কৰোৱা হৈছে। লগতে আল্লাহে তেওঁৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ বাবে জান্নাতত কি প্ৰস্তুত কৰি ৰাখিছে সেই বিষয়ে বৰ্ণনা কৰা হৈছে।

هَلْ اَتٰی عَلَی الْاِنْسَانِ حِیْنٌ مِّنَ الدَّهْرِ لَمْ یَكُنْ شَیْـًٔا مَّذْكُوْرًا ۟
মানুহৰ অতীতত এক দীৰ্ঘ সময় অতিক্ৰম হৈছে যেতিয়া সিহঁতৰ কোনো অস্তিত্ব নাছিল। সিহঁতৰ উল্লেখ পৰ্যন্ত নাছিল।
Faccirooji aarabeeji:
اِنَّا خَلَقْنَا الْاِنْسَانَ مِنْ نُّطْفَةٍ اَمْشَاجٍ ۖۗ— نَّبْتَلِیْهِ فَجَعَلْنٰهُ سَمِیْعًا بَصِیْرًا ۟ۚ
আমি মানুহক পুৰুষ আৰু নাৰীৰ মিশ্ৰিত বীৰ্যৰ পৰা সৃষ্টি কৰিছো যাতে সিহঁতৰ প্ৰতি চৰীয়তৰ দায়িত্বসমূহ অৰ্পণ কৰি সিহঁতৰ পৰীক্ষা লব পাৰো। গতিকে আমি সিহঁতক শ্ৰৱণকাৰী, দ্ৰষ্টা বনাইছো যাতে আমাৰ ফালৰ পৰা অৰ্পণ কৰা দায়িত্বসমূহ পালন কৰিব পাৰে।
Faccirooji aarabeeji:
اِنَّا هَدَیْنٰهُ السَّبِیْلَ اِمَّا شَاكِرًا وَّاِمَّا كَفُوْرًا ۟
আমি ৰাছুলসকলৰ মুখেৰে সিহঁতৰ বাবে হিদায়তৰ পথবোৰৰ বিষয়ে বৰ্ণনা কৰি দিছো। যাৰ জৰিয়তে ভ্ৰষ্টতাৰ পথ স্পষ্ট হৈ গৈছে। ইয়াৰ পিছত হয় সি সঠিক পথ ধৰিব আৰু মুমিন তথা আল্লাহৰ কৃতজ্ঞ বান্দা হৈ যাব, নহয় সি তাৰ পৰা বিভ্ৰান্ত হৈ কাফিৰ আৰু আল্লাহৰ আয়াতসমূহৰ অস্বীকাৰকাৰী বান্দা হ'ব।
Faccirooji aarabeeji:
اِنَّاۤ اَعْتَدْنَا لِلْكٰفِرِیْنَ سَلٰسِلَاۡ وَاَغْلٰلًا وَّسَعِیْرًا ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে আমি শিকলী প্ৰস্তুত কৰি ৰাখিছো। যিটোৰে সিহঁতক আৱদ্ধ কৰি জুইত চোঁচৰাই লৈ যোৱা হব আৰু গলবেৰি আছে যিবোৰ সিহঁতক লগোৱা হব আৰু আৰু লেলিহান জুই প্ৰস্তুত কৰি ৰাখিছো।
Faccirooji aarabeeji:
اِنَّ الْاَبْرَارَ یَشْرَبُوْنَ مِنْ كَاْسٍ كَانَ مِزَاجُهَا كَافُوْرًا ۟ۚ
আল্লাহৰ আজ্ঞা পালনকাৰী মুমিনসকলক ক্বিয়ামতৰ দিনা পূৰ্ণপাত্ৰৰ পৰা পান কৰোৱা হ'ব আৰু কাফুৰ মিশ্ৰিত হ'ব। কিয়নো তাৰ সুগন্ধী বহুত ভাল।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• خطر حب الدنيا والإعراض عن الآخرة.
পৃথিৱীৰ প্ৰতি মোহ আৰু আখিৰাতৰ পৰা মুখ ঘূৰাই লোৱাৰ ক্ষতি।

• ثبوت الاختيار للإنسان، وهذا من تكريم الله له.
মানুহৰ স্বাধীনতাৰ প্ৰমাণ। দৰাচলতে এয়া আল্লাহৰ তৰফৰ পৰা মানুহৰ বাবে এক ডাঙৰ সন্মান।

• النظر لوجه الله الكريم من أعظم النعيم.
আল্লাহৰ পবিত্ৰ মুখ মণ্ডলৰ দৰ্শন কৰাটো এক ডাঙৰ নিয়ামত।

عَیْنًا یَّشْرَبُ بِهَا عِبَادُ اللّٰهِ یُفَجِّرُوْنَهَا تَفْجِیْرًا ۟
অনুসৰণকাৰী সকলৰ বাবে প্ৰস্তুত কৰা এই পানীয় এনেকুৱা নিজৰাৰ পৰা প্ৰাপ্ত হব যাৰ পৰা পান কৰা সহজ হব। আৰু তাৰ ভিতৰত পানীয় উপস্থিত থাকিব আৰু তাৰ পানীয় কেতিয়াওঁ হ্ৰাস নহব। তাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব আৰু যতেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব।
Faccirooji aarabeeji:
یُوْفُوْنَ بِالنَّذْرِ وَیَخَافُوْنَ یَوْمًا كَانَ شَرُّهٗ مُسْتَطِیْرًا ۟
যিসকল বান্দাই সেয়া পান কৰিব, তেওঁলোকৰ বৈশিষ্ট্য হব এই যে, তেওঁলোকে সত্কৰ্মক নিজৰ প্ৰতি অনিবাৰ্য কৰিব সেয়া পূৰণও কৰিব। আৰু সেই দিনক ভয় কৰিব, যাৰ আপদাচাৰী আৰু বেছি প্ৰসাৰিত হব। অৰ্থাৎ ক্বিয়ামতৰ দিন।
Faccirooji aarabeeji:
وَیُطْعِمُوْنَ الطَّعَامَ عَلٰی حُبِّهٖ مِسْكِیْنًا وَّیَتِیْمًا وَّاَسِیْرًا ۟
অভাৱগ্ৰস্ত যেনে ভিক্ষাৰী, অনাথ আৰু বন্দী সকলক আহাৰ খোৱায়।সেই খাদ্যৰ প্ৰতি তেওঁলোকৰ প্ৰয়োজন আৰু আসক্তি থকা সত্ত্বেও তেওঁলোকে বেলেগক দান কৰে।
Faccirooji aarabeeji:
اِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللّٰهِ لَا نُرِیْدُ مِنْكُمْ جَزَآءً وَّلَا شُكُوْرًا ۟
আৰু অন্তৰত এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে সিহঁতক আল্লাহৰ সন্তুষ্টিৰ কাৰণে খোৱাই আছে। এতেকে তেওঁলোকে সিহঁতৰ পৰা কোনো পৰিণাম বা প্ৰশংসাৰ আশা নকৰে।
Faccirooji aarabeeji:
اِنَّا نَخَافُ مِنْ رَّبِّنَا یَوْمًا عَبُوْسًا قَمْطَرِیْرًا ۟
আমি নিজৰ প্ৰতিপালকৰ সেই দিনটোক ভয় কৰো যিটো ইমান ভীষণ হ'ব যে, হতভাগা লোকৰ মুখমণ্ডল বীভৎস হৈ পৰিব।
Faccirooji aarabeeji:
فَوَقٰىهُمُ اللّٰهُ شَرَّ ذٰلِكَ الْیَوْمِ وَلَقّٰىهُمْ نَضْرَةً وَّسُرُوْرًا ۟ۚ
গতিকে আল্লাহে তেওঁলোকক নিজৰ অনুগ্ৰহেৰে সেই ভীষণ দিনৰ আপদৰ পৰা বচাই লব। লগতে তেওঁলোকৰ চেহেৰাত সতেজ আৰু জ্যোতি প্ৰদান কৰিব, তেওঁলোকৰ সন্মানাৰ্থে আৰু তেওঁলোকৰ অন্তৰক প্ৰশান্তি দিয়াৰ বাবে (এই অনুগ্ৰহ দান কৰিব)।
Faccirooji aarabeeji:
وَجَزٰىهُمْ بِمَا صَبَرُوْا جَنَّةً وَّحَرِیْرًا ۟ۙ
আৰু আল্লাহ তাআলাই তেওঁলোকক সত্কৰ্মৰ প্ৰতি অটুট থকাৰ কাৰণে, লগতে আল্লাহৰ ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰাৰ কাৰণে আৰু পাপসমূহৰ পৰা দূৰৈত থকাৰ কাৰণে প্ৰতিদানস্বৰূপে এনেকুৱা জান্নাত প্ৰদান কৰিব। যাৰ নিয়ামতবোৰৰ পৰা তেওঁলোকে আনন্দ উপভোগ কৰিব আৰু আৰু ৰেচম প্ৰদান কৰিব যিটো তেওঁলোকে পৰিধান কৰিব।
Faccirooji aarabeeji:
مُّتَّكِـِٕیْنَ فِیْهَا عَلَی الْاَرَآىِٕكِ ۚ— لَا یَرَوْنَ فِیْهَا شَمْسًا وَّلَا زَمْهَرِیْرًا ۟ۚ
তেওঁলোকে তাত সুসজ্জিত আসনসমূহত আউজি বহি থাকিব। তেওঁলোকে তাত কোনো ৰ'দ দেখা নাপাব যিয়ে তেওঁলোকক কষ্ট দিব আৰু অত্যাধিক শীতো দেখা নাপাব। বৰং তেওঁলোক চিৰস্থায়ী ছাঁৰ তলত থাকিব, যাৰ ভিতৰত গৰমো নাথাকিব ঠাণ্ডাও নাথাকিব।
Faccirooji aarabeeji:
وَدَانِیَةً عَلَیْهِمْ ظِلٰلُهَا وَذُلِّلَتْ قُطُوْفُهَا تَذْلِیْلًا ۟
ইয়াৰ ছাঁবোৰ তেওঁলোকৰ প্ৰতি সন্নিহিত থাকিব আৰু তাৰ ফল ভক্ষনকাৰীৰ অধিনত হব যিটো অতি সহজে প্ৰাপ্ত হব। মানুহে সেয়া শুই থাকি বহি থাকি থিয় হৈ আহৰণ কৰিব পাৰিব।
Faccirooji aarabeeji:
وَیُطَافُ عَلَیْهِمْ بِاٰنِیَةٍ مِّنْ فِضَّةٍ وَّاَكْوَابٍ كَانَتْ قَوَارِیْرَ ۟ۙ
আৰু যেতিয়া তেওঁলোকে পান কৰিবলৈ ইচ্ছা কৰিব তেতিয়া তেওঁলোকৰ সেৱকে ৰূপৰ বাচন আৰু পানপাত্ৰ লৈ তেওঁলোকৰ ওচৰত ঘূৰি ঘূৰি পৰিবেশন কৰি থাকিব যাৰ ৰং হ'ব পৰিষ্কাৰ।
Faccirooji aarabeeji:
قَوَارِیْرَ مِنْ فِضَّةٍ قَدَّرُوْهَا تَقْدِیْرًا ۟
যিটো কাঁচৰ দৰে জিলিকি থাকিব। যিহেতু সেয়া ৰূপৰ হ'ব। আৰু সেয়া তেওঁলোকৰ ইচ্ছা অনুসাৰে ভৰি থাকিব। কমো নহয় বেছিও নহয়।
Faccirooji aarabeeji:
وَیُسْقَوْنَ فِیْهَا كَاْسًا كَانَ مِزَاجُهَا زَنْجَبِیْلًا ۟ۚ
আৰু এই সন্মানিত ব্যক্তিসকলক শুকান আদা মিশ্ৰিত পানীয় পান কৰোৱা হ'ব।
Faccirooji aarabeeji:
عَیْنًا فِیْهَا تُسَمّٰی سَلْسَبِیْلًا ۟
তেওঁলোকক জান্নাতৰ ছালছাবীল নামৰ নিজৰাৰ পৰা পান কৰোৱা হ'ব।
Faccirooji aarabeeji:
وَیَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۚ— اِذَا رَاَیْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنْثُوْرًا ۟
আৰু জান্নাতত তেওঁলোকৰ চাৰিওফালে চিৰ কিশোৰসকল প্ৰদক্ষিণ কৰিব। সিহঁতৰ চেহেৰা সজীৱ থাকিব, সিহঁতৰ ৰং অতি সুন্দৰ হব আৰু সিহঁত সংখ্যাত বহুত হব, চাৰিওফালে বিক্ষিপ্ত হৈ থাকিব। যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
Faccirooji aarabeeji:
وَاِذَا رَاَیْتَ ثَمَّ رَاَیْتَ نَعِیْمًا وَّمُلْكًا كَبِیْرًا ۟
আৰু যেতিয়া তুমি জান্নাতত ইফালে- সিফালে চাবা তেতিয়া এনেকুৱা নিয়ামত দেখিবলৈ পাবা যিটো বৰ্ণনাতীত। আৰু ইমান বিশাল ৰাজত্ব দেখিবলৈ পাবা যাৰ উদাহৰণ পোৱা টান।
Faccirooji aarabeeji:
عٰلِیَهُمْ ثِیَابُ سُنْدُسٍ خُضْرٌ وَّاِسْتَبْرَقٌ ؗ— وَّحُلُّوْۤا اَسَاوِرَ مِنْ فِضَّةٍ ۚ— وَسَقٰىهُمْ رَبُّهُمْ شَرَابًا طَهُوْرًا ۟
তেওঁলোকৰ শৰীৰত সেউজীয়া ৰঙৰ ৰেচমী বস্ত্ৰ থাকিব। যিটো সূক্ষ্ম আৰু মোটা ৰেচমেৰে বনোৱা হব। আৰু তাত তেওঁলোকক ৰূপৰ গামখাৰু পিন্ধোৱা হব। আৰু সকলো অপ্ৰিয় বস্তুৰ পৰা পবিত্ৰ পানীয় পান কৰোৱা হ'ব।
Faccirooji aarabeeji:
اِنَّ هٰذَا كَانَ لَكُمْ جَزَآءً وَّكَانَ سَعْیُكُمْ مَّشْكُوْرًا ۟۠
আৰু তেওঁলোকক সন্মান স্বৰূপে কোৱা হবঃ নিশ্চয় এই নিয়ামতসমূহ যিবোৰ তোমালোকক দিয়া হৈছে তোমালোকৰ সত্কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। আৰু তোমালোকৰ কৰ্ম আল্লাহৰ ওচৰত গৃহীত হৈছে।
Faccirooji aarabeeji:
اِنَّا نَحْنُ نَزَّلْنَا عَلَیْكَ الْقُرْاٰنَ تَنْزِیْلًا ۟ۚ
হে ৰাছুল, নিশ্চয় আমি এই কোৰআন আপোনাৰ প্ৰতি অলপ অলপকৈ পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো। আৰু সেয়া আপোনাৰ প্ৰতি এবাৰতে অৱতীৰ্ণ কৰা নাই।
Faccirooji aarabeeji:
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ اٰثِمًا اَوْ كَفُوْرًا ۟ۚ
আপুনি আল্লাহৰ নিৰ্ণয়ৰ প্ৰতি ধৈৰ্য ধাৰণ কৰক আৰু তেওঁৰ আদেশসমূহ পালন কৰক। আৰু কোনো পাপীৰ অনুসৰণ কৰি তাৰ পাপ কৰ্মত লিপ্ত নহ'ব আৰু কোনো কাফিৰৰ কথা শুনি তাৰ কুফুৰীৰ পথত নচলিব।
Faccirooji aarabeeji:
وَاذْكُرِ اسْمَ رَبِّكَ بُكْرَةً وَّاَصِیْلًا ۟ۖۚ
আৰু আপোনাৰ প্ৰতিপালকক দিনৰ প্ৰথম ভাগত ফজৰৰ ছালাতৰ জৰিয়তে আৰু অন্তিম ভাগত জোহৰ আৰু আছৰৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• الوفاء بالنذر وإطعام المحتاج، والإخلاص في العمل، والخوف من الله: أسباب للنجاة من النار، ولدخول الجنة.
মান্নত আদায় কৰা, অভাৱগ্ৰস্তক খাদ্য খোৱোওৱা, ইখলাচৰ সৈতে আমল কৰা, আল্লাহৰ ভীতি পোষণ কৰা, এইবোৰ জাহান্নামৰ পৰা মুক্তি লাভৰ কাৰণ আৰু জান্নাতৰ ফালে লৈ যোৱা কৰ্ম।

• إذا كان حال الغلمان الذين يخدمونهم في الجنة بهذا الجمال، فكيف بأهل الجنة أنفسهم؟!
যদি জান্নাতী সকলৰ সেৱকবিলাক ইমান সুন্দৰ হয় তেন্তে স্বয়ং জান্নাতী সকল কিমান সুন্দৰ হ'ব পাৰে।

وَمِنَ الَّیْلِ فَاسْجُدْ لَهٗ وَسَبِّحْهُ لَیْلًا طَوِیْلًا ۟
আৰু তেওঁক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক আৰু ইয়াৰ পিছত তেওঁৰ বাবে তাহাজ্জুদ পঢ়ক।
Faccirooji aarabeeji:
اِنَّ هٰۤؤُلَآءِ یُحِبُّوْنَ الْعَاجِلَةَ وَیَذَرُوْنَ وَرَآءَهُمْ یَوْمًا ثَقِیْلًا ۟
এই মুশ্বৰিক বিলাকে পাৰ্থিৱ জীৱনক ভাল পায় আৰু ক্বিয়ামতৰ দিনক উপেক্ষা কৰে। যিহেতু সেয়া এক কঠোৰ দিন। কিয়নো তাত আছে বহুত কঠিনতা আৰু পৰীক্ষা।
Faccirooji aarabeeji:
نَحْنُ خَلَقْنٰهُمْ وَشَدَدْنَاۤ اَسْرَهُمْ ۚ— وَاِذَا شِئْنَا بَدَّلْنَاۤ اَمْثَالَهُمْ تَبْدِیْلًا ۟
আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গাঠিসমূহ তথা অংগসমূহ সুদৃঢ় কৰিছো। আৰু যেতিয়া আমি সিহঁতক ধ্বংস কৰিবলৈ আৰু সিহঁতক পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিম তেতিয়া সিহঁতক ধ্বংস কৰি দিম আৰু পৰিৱৰ্তন কৰি দিম।
Faccirooji aarabeeji:
اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟
নিশ্চয় এই ছুৰা এক শিক্ষা আৰু উপদেশ। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব বিচাৰে সি ধৰি লোৱা উচিত।
Faccirooji aarabeeji:
وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟
আৰু তোমোলোকে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব নোৱাৰা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। সকলো বিষয় আল্লাহৰ হাতত। আল্লাহে জানে যে, কোনটো বস্তু তেওঁৰ বান্দাৰ কাৰণে কল্যাণকৰ আৰু কোনটো অকল্যাণকৰ। তেওঁ ৰচনাৰ ক্ষেত্ৰত, বিচাৰ-ফয়চালাত আৰু চৰীয়ত প্ৰণয়নত প্ৰজ্ঞাময়।
Faccirooji aarabeeji:
یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ— وَالظّٰلِمِیْنَ اَعَدَّ لَهُمْ عَذَابًا اَلِیْمًا ۟۠
তেওঁ যি বান্দাক ইচ্ছা কৰে নিজৰ ৰহমতত প্ৰৱেশ কৰায় তথা তাক ঈমান আৰু সত্কৰ্মৰ সামৰ্থ দিয়ে। আৰু যালিমসকলৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অৰ্থাৎ জাহান্নাম প্ৰস্তুত কৰি ৰাখিছে। যিসকলে কুফুৰী আৰু পাপ কৰ্মৰ জৰিয়তে নিজৰ প্ৰতি অত্যাচাৰ কৰে।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• خطر التعلق بالدنيا ونسيان الآخرة.
পৃথিৱীৰ মায়া-মোহত আৱদ্ধ হৈ আখিৰাতক পাহৰি যোৱাৰ ক্ষতি।

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

• إهلاك الأمم المكذبة سُنَّة إلهية.
অস্বীকাৰকাৰী জাতিক ধ্বংস কৰা আল্লাহৰ বিধি সন্মত।

 
Firo maanaaji Simoore: Simoore Neɗɗo
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude