Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (127) Simoore: Simoo tuubabuya
وَاِذَا مَاۤ اُنْزِلَتْ سُوْرَةٌ نَّظَرَ بَعْضُهُمْ اِلٰی بَعْضٍ ؕ— هَلْ یَرٰىكُمْ مِّنْ اَحَدٍ ثُمَّ انْصَرَفُوْا ؕ— صَرَفَ اللّٰهُ قُلُوْبَهُمْ بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟
আল্লাহে যেতিয়া তেওঁৰ ৰাছুলৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, য'ত মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে বৰ্ণনা থাকে, তেতিয়া কিছুমান মুনাফিকে পৰস্পৰে পৰস্পৰৰ পিনে চাই কয়ঃ তোমালোকক কোনোবাই দেখি আছে নেকি, যদি কোনোবাই দেখা নাই তেন্তে তৎক্ষণাত সেই বৈঠকৰ পৰা পলায়ন কৰে। জানি থোৱা! আল্লাহে সিহঁতৰ অন্তৰক হিদায়ত আৰু কল্যাণৰ পৰা আঁতৰাই দিছে। লগতে সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিছে, কিয়নো সিহঁত হৈছে বিবেক-বুদ্ধি নথকা সম্প্ৰদায়।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• وجوب ابتداء القتال بالأقرب من الكفار إذا اتسعت رقعة الإسلام، ودعت إليه حاجة.
প্ৰয়োজন সাপেক্ষে আৰু ইছলামী শাসন বিস্তাৰ লাভ কৰাৰ পিছত যুদ্ধ কৰিবলৈ বাধ্য হ'লে, নিজৰ ওচৰে পাঁজৰে থকা শত্ৰুৰ পৰা যুদ্ধ আৰম্ভ কৰা জৰুৰী।

• بيان حال المنافقين حين نزول القرآن عليهم وهي الترقُّب والاضطراب.
কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত মুনাফিকসকলৰ হোৱা উদ্বিগ্নতাৰ বৰ্ণনা।

• بيان رحمة النبي صلى الله عليه وسلم بالمؤمنين وحرصه عليهم.
মুমিনসকলৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দয়াদৃষ্টি আৰু সদায় তেওঁলোকৰ সফলতা কামনা কৰাৰ বৰ্ণনা।

• في الآيات دليل على أن الإيمان يزيد وينقص، وأنه ينبغي للمؤمن أن يتفقد إيمانه ويتعاهده فيجدده وينميه؛ ليكون دائمًا في صعود.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়। সেয়ে মুমিনসকলে নিজৰ ঈমান চোৱাচিতা কৰা উচিত, আৰু সদায় ঈমান সতেজ ৰখাৰ আৰু উন্নত কৰাৰ চেষ্টা কৰা উচিত, যাতে ঈমান সদায় বৃদ্ধি পাই থাকে।

 
Firo maanaaji Aaya: (127) Simoore: Simoo tuubabuya
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude