Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (108) Sourate: HOUD
وَاَمَّا الَّذِیْنَ سُعِدُوْا فَفِی الْجَنَّةِ خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ— عَطَآءً غَیْرَ مَجْذُوْذٍ ۟
আনহাতে ভাগ্যৱান লোকসকল, যিসকলক তেওঁলোকৰ ঈমান আৰু সত্কৰ্মৰ কাৰণে আল্লাহে পূৰ্বেই সৌভাগ্যৱান বুলি ঘোষণা কৰিছে। তেওঁলোক জান্নাতত চিৰস্থায়ী হ'ব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী অৱশিষ্ট থাকিব। কিন্তু জান্নাতত প্ৰৱেশ কৰোৱাৰ আগতেই গুনাহগাৰ মুমিনসকলৰ মাজৰ যাক ইচ্ছা কৰিব জাহান্নামত প্ৰৱেশ কৰাব। নিশ্চয় জান্নাতৰ অধিবাসীসকলে লাভ কৰা আল্লাহৰ নিয়ামতসমূহ হ'ব নিৰবিচ্ছিন্ন।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• التحذير من اتّباع رؤساء الشر والفساد، وبيان شؤم اتباعهم في الدارين.
অসত্কৰ্ম আৰু বিপৰ্যয় সৃষ্টিকাৰী প্ৰতিনিধিৰ অনুসৰণৰ পৰা সতৰ্ক কৰা হৈছে, লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, সিহঁতৰ অনুসৰণ কৰিলে ইহকাল আৰু পৰকালত ক্ষতিৰ সন্মুখীন হ'ব লাগিব।

• تنزه الله تعالى عن الظلم في إهلاك أهل الشرك والمعاصي.
গুনাহগাৰ, মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত অন্যায়ৰ পৰা আল্লাহ পৰিপূৰ্ণৰূপে পৱিত্ৰ।

• لا تنفع آلهة المشركين عابديها يوم القيامة، ولا تدفع عنهم العذاب.
ক্বিয়ামতৰ দিনা মুশ্বৰিকসকলৰ উপাস্যবোৰে একো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতৰ পৰা শাস্তিও প্ৰতিৰোধ কৰিব নোৱাৰিব।

• انقسام الناس يوم القيامة إلى: سعيد خالد في الجنان، وشقي خالد في النيران.
ক্বিয়ামতৰ দিনা মানুহ দুই ভাগত বিভক্ত হব। সৌভাগ্যৱান, তেওঁলোক চিৰস্থায়ী জান্নাতৰ অধিবাসী হ'ব আৰু আনটো হ'ব দুৰ্ভগীয়া, সিহঁত অনন্ত কালৰ বাবে জাহান্নামৰ অধিবাসী হ'ব।

 
Traduction des sens Verset: (108) Sourate: HOUD
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture