Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
208 : 2

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا ادْخُلُوْا فِی السِّلْمِ كَآفَّةً ۪— وَلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟

হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! ইছলামৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰা আৰু ইয়াৰ কোনো বিধানক এৰি নিদিবা। যিদৰে আহলে কিতাবসকলে কৰিছিল, সিহঁতে পুথি এটা ভাগৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আনটো ভাগক অস্বীকাৰ কৰিছিল। লগতে চয়তানৰ পদানুসৰণ নকৰিবা। কিয়নো সি তোমালোকৰ প্ৰকাশ্য শত্ৰু, তাৰ শত্ৰুতা গোপন নহয়। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• التقوى حقيقة لا تكون بكثرة الأعمال فقط، وإنما بمتابعة هدي الشريعة والالتزام بها.
দৰাচলতে অধিক আমল কৰিলেই তাক্বৱা অৰ্জন নহয়। বৰং চৰীয়তৰ পূৰ্ণ অনুসৰণ আৰু সেই মুতাবিক চলিলেহে অৰ্জন হয়। info

• الحكم على الناس لا يكون بمجرد أشكالهم وأقوالهم، بل بحقيقة أفعالهم الدالة على ما أخفته صدورهم.
মানুহৰ আকাৰ-আকৃতি আৰু কথাৰ ওপৰত ভিত্তি কৰি তাৰ বিষয়ে ফয়চালা কৰা নহয়, বৰং তাৰ বাস্তৱ কৰ্মৰ ওপৰত ভিত্তি কৰি ফয়চালা কৰা হয় যি কৰ্মই দৰাচলতে তাৰ অন্তৰৰ অৱস্থা বৰ্ণনা কৰে। info

• الإفساد في الأرض بكل صوره من صفات المتكبرين التي تلازمهم، والله تعالى لا يحب الفساد وأهله.
পৃথিৱীত সকলো ধৰণৰ উপদ্ৰৱ সৃষ্টি কৰা অহংকাৰীসকলৰ বিশেষ বৈশিষ্ট্য। আৰু আল্লাহে বিপৰ্যয় আৰু বিপৰ্যয় সৃষ্টিকাৰীক পছন্দ নকৰে। info

• لا يكون المرء مسلمًا حقيقة لله تعالى حتى يُسَلِّم لهذا الدين كله، ويقبله ظاهرًا وباطنًا.
কোনো ব্যক্তি তেতিয়ালৈকে প্ৰকৃত মুছলিম হব নোৱাৰে যেতিয়ালৈকে সি ইছলামক পূৰ্ণৰূপে গ্ৰহণ নকৰিব লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যৰূপে স্বীকাৰ নকৰিব। info