Check out the new design

Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. * - Lexique des traductions


Traduction des sens Verset: (47) Sourate: Tâ Hâ
فَاْتِیٰهُ فَقُوْلَاۤ اِنَّا رَسُوْلَا رَبِّكَ فَاَرْسِلْ مَعَنَا بَنِیْۤ اِسْرَآءِیْلَ ۙ۬— وَلَا تُعَذِّبْهُمْ ؕ— قَدْ جِئْنٰكَ بِاٰیَةٍ مِّنْ رَّبِّكَ ؕ— وَالسَّلٰمُ عَلٰی مَنِ اتَّبَعَ الْهُدٰی ۟
এতেকে তোমালোক দুয়ো তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, হে ফিৰআউন! নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। এতেকে বনী ইছৰাঈলক আমাৰ লগত প্ৰেৰণ কৰা, তথা সিহঁতৰ সন্তানক হত্যা কৰি আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখি তুমি সিহঁতক যি শাস্তি প্ৰদান কৰি আছা, সেয়া বন্ধ কৰা। অৱশ্যে আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ আমাৰ সত্যতাৰ প্ৰমাণ লৈ আহিছোঁ, আৰু সেই ব্যক্তিৰ বাবে আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষা কবচ লৈ আহিছোঁ যিয়ে ঈমান পোষণ কৰিব আৰু আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিব।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• كمال اعتناء الله بكليمه موسى عليه السلام والأنبياء والرسل، ولورثتهم نصيب من هذا الاعتناء على حسب أحوالهم مع الله.
কালিমুল্লাহ মূছা আলাইহিচ্ছালাম আৰু অন্যান্য নবী ৰাছুলসকলে আল্লাহৰ পূৰ্ণ সহযোগ লাভ কৰিছে। তথা তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও আল্লাহৰ লগত থকা সম্পৰ্ক অনুযায়ী এই সহযোগৰ কিছু অংশ লাভ কৰিছে।

• من الهداية العامة للمخلوقات أن تجد كل مخلوق يسعى لما خلق له من المنافع، وفي دفع المضار عن نفسه.
সকলো সৃষ্টিয়ে সাধাৰণ মাৰ্গদৰ্শন লাভ কৰাৰ ফলস্বৰূপেই প্ৰত্যেক সৃষ্টিয়ে সেই লাভাংশ পাবলৈ চেষ্টা কৰে, যাৰ বাবে তাক সৃষ্টি কৰা হৈছে। তথা নিজকে সকলো প্ৰকাৰ অনিষ্টৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰে।

• بيان فضيلة الأمر بالمعروف والنهي عن المنكر، وأن ذلك يكون باللين من القول لمن معه القوة، وضُمِنَت له العصمة.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্বৰ বৰ্ণনা। তথা ক্ষমতাধাৰী ব্যক্তিৰ লগত নম্ৰভাৱে এই দায়িত্ব পালন কৰা উচিত।

• الله هو المختص بعلم الغيب في الماضي والحاضر والمستقبل.
অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কীয় সকলো গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট।

 
Traduction des sens Verset: (47) Sourate: Tâ Hâ
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. - Lexique des traductions

Émanant du Centre d'Exégèse pour les Études Coraniques.

Fermeture