Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (174) Sourate: AN-NISÂ’
یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمْ بُرْهَانٌ مِّنْ رَّبِّكُمْ وَاَنْزَلْنَاۤ اِلَیْكُمْ نُوْرًا مُّبِیْنًا ۟
হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে, ইয়াৰ পিছত কোনো আপত্তিও থাকিব নোৱাৰে আৰু কোনো সংশয় থকাৰো অৱকাশ নাই। সেয়া হৈছে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো, সেয়া হৈছে আল-কোৰআন।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• بيان أن المسيح بشر، وأن أمه كذلك، وأن الضالين من النصارى غلوا فيهما حتى أخرجوهما من حد البشرية.
এই কথাৰ বৰ্ণনা পোৱা গল যে, ঈছা আৰু তেওঁৰ মাতৃ হৈছে মানৱ। পথভ্ৰষ্ট খৃষ্টানসকলে তেওঁলোকৰ বিষয়ে সীমালংঘন কৰিছে, আনকি তেওঁলোকক মানৱৰ পৰা বাহিৰ কৰিছে।

• بيان بطلان شرك النصارى القائلين بالتثليث، وتنزيه الله تعالى عن أن يكون له شريك أو شبيه أو مقارب، وبيان انفراده - سبحانه - بالوحدانية في الذات والأسماء والصفات.
তিনি উপাস্য বুলি দাবী কৰা খৃষ্টানসকলৰ শ্বিৰ্ক বাতিল হোৱা সম্পৰ্কে বৰ্ণনা, লগতে এই কথাৰ ঘোষণা যে, আল্লাহ অংশীদাৰিত্বৰ পৰা, সমকক্ষৰ পৰা আৰু সমতুল্যৰ পৰা পৱিত্ৰ। লগতে এই কথাৰো ঘোষণা যে, আল্লাহ তাআলা সত্ত্বাগত ভাৱে, তেওঁৰ সুন্দৰ সুন্দৰ নামসমূহ আৰু গুণাৱলীতো একক।

• إثبات أن عيسى عليه السلام والملائكة جميعهم عباد مخلوقون لا يستكبرون عن الاعتراف بعبوديتهم لله تعالى والانقياد لأوامره، فكيف يسوغ اتخاذهم آلهة مع كونهم عبيدًا لله تعالى؟!
এই কথাৰো প্ৰমাণ পোৱা গল যে, ঈছা আলাইহিছ ছালাম তথা সকলো ফিৰিস্তা আল্লাহৰ মখলুক আৰু তেওঁৰ বান্দা। তেওঁলোকে আল্লাহৰ বন্দেগীত আৰু তেওঁৰ আদেশ পালনত অভিমান নকৰে। এতেকে যিহেতু তেওঁলোক আল্লাহৰ বান্দা, তেতিয়া হলে তেওঁলোকক উপাস্য হিচাপে মানি লোৱাটো কেনেকৈ সঠিক হব?

• في الدين حجج وبراهين عقلية تدفع الشبهات، ونور وهداية تدفع الحيرة والشهوات.
ইছলামত অসংখ্য যুক্তি আছে, যিবোৰে সংশয় দূৰ কৰে। তথা হিদায়ত আৰু নূৰ আছে, যিয়ে দোদুল্যমান স্থিতি আৰু প্ৰবৃত্তিৰ আকাংক্ষা দূৰ কৰে।

 
Traduction des sens Verset: (174) Sourate: AN-NISÂ’
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture