Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (119) Sourate: AL-MÂÏDAH
قَالَ اللّٰهُ هٰذَا یَوْمُ یَنْفَعُ الصّٰدِقِیْنَ صِدْقُهُمْ ؕ— لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟
আল্লাহে ঈছা আলাইহিছ ছালামক ক'বঃ এইটো সেইদিন, যিদিনা সত্য নিয়ত পোষণকাৰীয়ে, সত্কৰ্মকাৰীয়ে তথা সত্যবাদীসকলৰ সত্যতাই উপকাৰ কৰিব। তেওঁলোকৰ বাবে এনেকুৱা জান্নাত থাকিব, যাৰ অট্টালিকা তথা গছ-গছনিবোৰৰ তলেদি নদী প্ৰবাহিত হ'ব। তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহ'ব। আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট থাকিব, কেতিয়াও অসন্তুষ্ট নহ'ব তথা তেওঁলোকেও চিৰস্থায়ী নিয়ামতবোৰ পাই আল্লাহৰ ওপৰত সন্তুষ্ট হ'ব। এইটোৱেই মহাসফলতা, কোনো সফলতাই ইয়াৰ সমান নহয়।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• توعد الله تعالى كل من أصرَّ على كفره وعناده بعد قيام الحجة الواضحة عليه.
স্পষ্ট প্ৰমাণ অহাৰ পিছতো যিয়ে কুফৰ তথা অবাধ্যতাৰ পথ অৱলম্বন কৰিব, তাৰ বাবে আল্লাহে শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।

• تَبْرئة المسيح عليه السلام من ادعاء النصارى بأنه أبلغهم أنه الله أو أنه ابن الله أو أنه ادعى الربوبية أو الألوهية.
মছীহ আলাইহিছ ছালামক খৃষ্টানসকলৰ এই দাবীৰ পৰা মুক্ত কৰা যে, তেৱেঁই আল্লাহ অথবা তেওঁ আল্লাহৰ পুত্ৰ নাইবা তেওঁ ৰব্ব হোৱাৰ বা উপাস্য হোৱাৰ দাবী কৰিছিল।

• أن الله تعالى يسأل يوم القيامة عظماء الناس وأشرافهم من الرسل، فكيف بمن دونهم درجة؟!
ক্বিয়ামতৰ দিনা আল্লাহে সকলোতকৈ সন্মানিত লোকসকল অৰ্থাৎ নবীসকলকো প্ৰশ্ন কৰিব, তেন্তে তেওঁলোকতকৈ নিম্ন শ্ৰেণীৰ লোকৰ কি অৱস্থা হ'ব?।

• علو منزلة الصدق، وثناء الله تعالى على أهله، وبيان نفع الصدق لأهله يوم القيامة.
সততাৰ স্থান হৈছে অতি উচ্চ। আল্লাহে সৎলোকৰ প্ৰশংসা কৰিছে তথা ক্বিয়ামতৰ দিনা তেওঁলোকৰ সততাই উপকাৰ কৰিব বুলি বৰ্ণনা কৰিছে।

 
Traduction des sens Verset: (119) Sourate: AL-MÂÏDAH
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture