Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (88) Sourate: AL-AN’ÂM
ذٰلِكَ هُدَی اللّٰهِ یَهْدِیْ بِهٖ مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ— وَلَوْ اَشْرَكُوْا لَحَبِطَ عَنْهُمْ مَّا كَانُوْا یَعْمَلُوْنَ ۟
এই যিটো তাওফীক তেওঁলোকে পাইছে, সেইটো আল্লাহৰ তাওফীক। তেওঁ নিজৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাওফীক প্ৰদান কৰে। তেওঁলোকেও যদি কাৰোবাক আল্লাহৰ অংশী কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল ব্যৰ্থ হৈ গলহেঁতেন। কাৰণ শ্বিৰ্কে পূণ্যক বিনষ্ট কৰি দিয়ে।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• من فضائل التوحيد أنه يضمن الأمن للعبد، خاصة في الآخرة حين يفزع الناس.
তাওহীদৰ এটা অন্যতম বৈশিষ্ট্য এই যে, তাওহীদে মানুহক নিৰাপত্তাৰ গেৰান্টী দিয়ে, বিশেষকৈ আখিৰাতত, যেতিয়া সকলোৱে ভীত-সন্ত্ৰস্ত হৈ থাকিব।

• تُقَرِّر الآيات أن جميع من سبق من الأنبياء إنما بَلَّغوا دعوتهم بتوفيق الله تعالى لا بقدرتهم.
এই আয়াতসমূহৰ দ্বাৰা প্ৰমাণিত হয় যে, পূৰ্বৱৰ্তী নবী সকলে তেওঁলোকৰ দাৱাত কেৱল আল্লাহৰ তাওফীকতহে পৌঁচাবলৈ সক্ষম হৈছিল, নিজৰ সামৰ্থত নহয়।

• الأنبياء يشتركون جميعًا في الدعوة إلى توحيد الله تعالى مع اختلاف بينهم في تفاصيل التشريع.
নবীসকলৰ চৰীয়তৰ পদ্ধতি যদিও বেলেগ বেলেগ আছিল কিন্তু তেওঁলোক সকলোৱে এক আল্লাহৰ তাওহীদৰ পিনেই মানুহক আহ্বান কৰিছিল।

• الاقتداء بالأنبياء سنة محمودة، وخاصة في أصول التوحيد.
নবীসকলৰ অনুসৰণ এক প্ৰশংসনীয় বৈশিষ্ট্য, বিশেষকৈ তাওহীদৰ মৌলিক বিষয়বোৰত।

 
Traduction des sens Verset: (88) Sourate: AL-AN’ÂM
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture