Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (151) Sourate: AL-A’RÂF
قَالَ رَبِّ اغْفِرْ لِیْ وَلِاَخِیْ وَاَدْخِلْنَا فِیْ رَحْمَتِكَ ۖؗ— وَاَنْتَ اَرْحَمُ الرّٰحِمِیْنَ ۟۠
তাৰ পিছত মূছা আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোক তথা মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাৰ তোমাৰ দয়াৰ অন্তৰ্ভুক্ত কৰা আৰু সেই দয়া আমাৰ চাৰিওফালে প্ৰসাৰ কৰি দিয়া। হে আমাৰ প্ৰতিপালক! সকলো কৃপাৱানতকৈ তুমিয়ে আমাৰ প্ৰতি অধিক কৃপালু।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• في الآيات دليل على أن الخطأ في الاجتهاد مع وضوح الأدلة لا يعذر فيه صاحبه عند إجراء الأحكام عليه، وهو ما يسميه الفقهاء بالتأويل البعيد.
এইবোৰ আয়াতে এই কথা প্ৰমাণ কৰে যে, স্পষ্ট প্ৰমাণ থকাৰ পিছত ইজতেহাদী ভুল কৰিলে, সেই ভুল ক্ষমাৰ যোগ্য নাই। ইয়াক ফুকাহাসকলে তাৱীলে বাঈদ (দূৰৱৰ্তী ব্যাখ্যা) বুলি কয়।

• من آداب الدعاء البدء بالنفس، حيث بدأ موسى عليه السلام دعاءه فطلب المغفرة لنفسه تأدُّبًا مع الله فيما ظهر عليه من الغضب، ثم طلب المغفرة لأخيه فيما عسى أن يكون قد ظهر منه من تفريط أو تساهل في رَدْع عَبَدة العجل عن ذلك.
দুআৰ নিয়মৰ মাজত অন্যতম হৈছে, প্ৰথমে নিজৰ বাবে দুআ কৰা। যেনে- মূছা আলাইহিছ ছালামে দুআ আৰম্ভ কৰাৰ পোনতে তেওঁ ৰাগান্বিত হোৱাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে। তাৰ পিছত তেওঁৰ ভাতৃৰ বাবে ক্ষমা বিচাৰিছে, কাৰণ হ'ব পাৰে তেওঁ সিহঁতক দামুৰীৰ পূজা পাঠত নিষেধ কৰাৰ ক্ষেত্ৰত কোনো অৱহেলা কৰিছিল।

• التحذير من الغضب وسلطته على عقل الشخص؛ ولذلك نسب الله للغضب فعل السكوت كأنه هو الآمر والناهي.
ক্ৰোধৰ পৰা সাৱধান থকা উচিত, কাৰণ ক্ৰোধে বিবেক হৰণ কৰে। সেই কাৰণেই আল্লাহে ক্ৰোধৰ বাবে মৌনতাক সম্পৃক্ত কৰিছে, যেনিবা সেইটোৱে আদেশ প্ৰদানকাৰী আৰু নিষেধকাৰী।

• ضرورة التوقي من غضب الله، وخوف بطشه، فانظر إلى مقام موسى عليه السلام عند ربه، وانظر خشيته من غضب ربه.
আল্লাহৰ অসন্তুষ্টিৰ বিৰত থকা আৰু তেওঁৰ গ্ৰেপ্তাৰৰ পৰা ভয় কৰা উচিত। লক্ষ্য কৰক মূছা আলাইহিছ ছালামৰ প্ৰতি, তেওঁ নিজ প্ৰতিপালকৰ সন্মুখত কেনেকৈ অৱস্থান কৰিছে। আৰু নিজ প্ৰতিপালকৰ ভয়ত কেনেকুৱা ভীত হৈছে।

 
Traduction des sens Verset: (151) Sourate: AL-A’RÂF
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture