Check out the new design

Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. * - Lexique des traductions


Traduction des sens Verset: (36) Sourate: Al A'raf
وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَاسْتَكْبَرُوْا عَنْهَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু তাৰ প্ৰতি ঈমান পোষণ কৰা নাই লগতে অহংকাৰ কৰি ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক আমলো কৰা নাই, সেই সকল লোক চিৰস্থায়ী জাহান্নামী হ'ব।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• المؤمن مأمور بتعظيم شعائر الله من خلال ستر العورة والتجمل في أثناء صلاته وخاصة عند التوجه للمسجد.
মুমিনসকলক এই আদেশ দিয়া হৈছে যে, আল্লাহৰ প্ৰতীকৰ (ধৰ্মৰ এনেকুৱা স্পষ্ট বিধান যিবোৰৰ দ্বাৰা ধৰ্মৰ পৰিচয় প্ৰকাশ পায়) সন্মানাৰ্থে লজ্জাস্থান ঢাকি ৰাখিব লাগে, ছালাতৰ সময়ত সৌন্দৰ্যময় পোছাক পৰিধান কৰিব লাগে, বিশেষকৈ মছজিদলৈ যোৱাৰ সময়ত।

• من فسر القرآن بغير علم أو أفتى بغير علم أو حكم بغير علم فقد قال على الله بغير علم وهذا من أعظم المحرمات.
যিয়ে চৰীয়তৰ জ্ঞান নোহোৱাকৈ কোৰআনৰ তাফছীৰ কৰে, অথবা কোনো ফতৱা দিয়ে নাইবা ফয়চালা দিয়ে, সি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিলে আৰু এইটো হৈছে মহাপাপ।

• في الآيات دليل على أن المؤمنين يوم القيامة لا يخافون ولا يحزنون، ولا يلحقهم رعب ولا فزع، وإذا لحقهم فمآلهم الأمن.
এই আয়াতবোৰৰ দ্বাৰা এই কথাৰ প্ৰমাণ পোৱা গল যে, ক্বিয়ামতৰ দিনা মুমিনসকলৰ কোনো ভয় নাথাকিব আৰু কোনো চিন্তাও নহ'ব, লগতে কোনো দুখেও তেওঁলোকক স্পৰ্শ নকৰিব। যদিও তেওঁলোক এইবোৰৰ সন্মুখীন হয় কিন্তু অৱশেষত তেওঁলোক সুৰক্ষিত থাকিব।

• أظلم الناس من عطَّل مراد الله تعالى من جهتين: جهة إبطال ما يدل على مراده، وجهة إيهام الناس بأن الله أراد منهم ما لا يريده الله.
আটাইতকৈ ডাঙৰ অন্যায়কাৰী সেই ব্যক্তি, যিয়ে দুটা দিশত আল্লাহৰ উদ্দেশ্যক বিনষ্ট কৰে। এটা হৈছে, সেই প্ৰমাণকেই অসত্য বুলি কোৱা যিটোৱে তেওঁৰ উদ্দেশ্যক প্ৰমাণ কৰে। আৰু দ্বিতীয়টো হৈছে, মানুহৰ মাজত এনেকুৱা ভ্ৰম সৃষ্টি কৰাৰ প্ৰয়াস কৰা যে, যিটো আল্লাহৰ উদ্দেশ্য নহয় সেইটোক আল্লাহৰ উদ্দেশ্য বুলি কোৱা।

 
Traduction des sens Verset: (36) Sourate: Al A'raf
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. - Lexique des traductions

Émanant du Centre d'Exégèse pour les Études Coraniques.

Fermeture