Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (2) Sourate: AL-ANFÂL
اِنَّمَا الْمُؤْمِنُوْنَ الَّذِیْنَ اِذَا ذُكِرَ اللّٰهُ وَجِلَتْ قُلُوْبُهُمْ وَاِذَا تُلِیَتْ عَلَیْهِمْ اٰیٰتُهٗ زَادَتْهُمْ اِیْمَانًا وَّعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟ۚۙ
বাস্তৱতে প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্তৰ কপি উঠে। তেওঁলোকৰ অন্তৰ আৰু শৰীৰ আনুগত্যৰ পিনে আকৰ্ষিত হয়। যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁলোকৰ ঈমান বৃদ্ধি হয়। কল্যাণ পাবলৈ আৰু অকল্যাণ দূৰ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• ينبغي للعبد أن يتعاهد إيمانه ويُنمِّيه؛ لأن الإيمان يزيد وينقص، فيزيد بفعل الطاعة وينقص بضدها.
বান্দাই নিজৰ ঈমানৰ প্ৰতি মনোযোগ দি থকা উচিত আৰু তাক বৃদ্ধি কৰা উচিত। কিয়নো ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়। সৎকৰ্মৰ জৰিয়তে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্মৰ জৰিয়তে ঈমান হ্ৰাস পায়।

• الجدال محله وفائدته عند اشتباه الحق والتباس الأمر، فأما إذا وضح وبان فليس إلا الانقياد والإذعان.
বাদানুবাদ সেই সময়তে হোৱা উচিত যেতিয়া সত্য অস্পষ্ট থাকে আৰু বিষয়টোত খোকোজা থাকে। কিন্তু সত্য যদি স্পষ্ট থাকে তেন্তে মানি লোৱা আৰু শিৰ নত কৰাৰ বাহিৰে আন কোনো উপায় নাথাকে।

• أَمْر قسمة الغنائم متروك للرّسول صلى الله عليه وسلم، والأحكام مرجعها إلى الله تعالى ورسوله لا إلى غيرهما.
যুদ্ধলব্ধ সম্পদ বিতৰণৰ অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। বৰং সকলো আদেশ নিষেধ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনেই প্ৰত্যাৱৰ্তন কৰে, আন কাৰো পিনে নহয়।

• إرادة تحقيق النّصر الإلهي للمؤمنين؛ لإحقاق الحق وإبطال الباطل.
আল্লাহৰ ফালৰ পৰা মুমিনসকলক সহায় কৰা উদ্দেশ্য হৈছে সত্যক সত্যৰূপে বাস্তৱায়িত কৰা আৰু অসত্যক অসত্য বুলি সাব্যস্ত কৰা।

 
Traduction des sens Verset: (2) Sourate: AL-ANFÂL
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture