કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (97) સૂરહ: મરયમ
فَاِنَّمَا یَسَّرْنٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ الْمُتَّقِیْنَ وَتُنْذِرَ بِهٖ قَوْمًا لُّدًّا ۟
হে ৰাছুল! এই কোৰআনখনক আপোনাৰ ভাষাত অৱতীৰ্ণ কৰি সৰল কৰি দিছোঁ। যাতে ইয়াৰ দ্বাৰা আপুনি সেইসকল লোকক সতৰ্ক কৰিব পাৰে যিসকলে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰিছে। তথা ইয়াৰ দ্বাৰা যাতে আপুনি সেইসকল লোকক ভয় দেখুৱাব পাৰে, যিসকল বাক-বিতণ্ডাপ্ৰিয় আৰু সত্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বৈৰাচাৰী তথা অহংকাৰী।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• ليس إنزال القرآن العظيم لإتعاب النفس في العبادة، وإذاقتها المشقة الفادحة، وإنما هو كتاب تذكرة ينتفع به الذين يخشون ربهم.
মহান কোৰআনখনক এইকাৰণে অৱতীৰ্ণ কৰা হোৱা নাই যে, মানুহে ক্লান্তদায়ক ইবাদতত নিজকে ব্যস্ত কৰি ৰাখিব আৰু কঠিনতাৰ সন্মুখীন হ'ব। বৰং কোৰআন হৈছে উপদেশ তথা স্মৰণ কৰোৱা গ্ৰন্থ। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে নিজ প্ৰতিপালকক ভয় কৰে।

• قَرَن الله بين الخلق والأمر، فكما أن الخلق لا يخرج عن الحكمة؛ فكذلك لا يأمر ولا ينهى إلا بما هو عدل وحكمة.
আল্লাহে সৃষ্টি আৰু আদেশ একেলগে উল্লেখ কৰিছে। এতেকে যিদৰে তেওঁ সৃষ্টি কৰা সকলো বস্তুৰ ক্ষেত্ৰত হিকমত আছে, ঠিক সেইদৰে তেওঁৰ প্ৰত্যেক আদেশ তথা নিষেধতো হিকমত নিহিত হৈ আছে।

• على الزوج واجب الإنفاق على الأهل (المرأة) من غذاء وكساء ومسكن ووسائل تدفئة وقت البرد.
স্বামীৰ কৰ্তব্য হৈছে স্ত্ৰীৰ বাবে ভৰণ-পোষণৰ পৰা আৰম্ভ কৰি খাদ্য, বস্ত্ৰ, বাসস্থান আৰু শীতকালত গৰম কাপোৰৰ ব্যৱস্থা কৰা।

 
શબ્દોનું ભાષાંતર આયત: (97) સૂરહ: મરયમ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો