કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (48) સૂરહ: અલ્ અહઝાબ
وَلَا تُطِعِ الْكٰفِرِیْنَ وَالْمُنٰفِقِیْنَ وَدَعْ اَذٰىهُمْ وَتَوَكَّلْ عَلَی اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟
আপুনি কাফিৰ আৰু মুনাফিকসকলৰ কথা মতে নচলিব, সিহঁতে আল্লাহৰ দ্বীন প্ৰচাৰ কৰাত বাধা দিয়ে। গতিকে আপুনি সিহঁতৰ পৰা দূৰত্ব বজায় ৰাখক। আপুনি যি লৈ আহিছে তাৰ প্ৰতি সিহঁতৰ ঈমান পোষণ কৰিবলৈ সম্ভৱতঃ এই পদ্ধতিটো অধিক ফলপ্ৰসূ হ'ব। লগতে আপুনি আপোনাৰ সকলো কৰ্মতে আল্লাহৰ প্ৰতি ভৰসা কৰক, উদাহৰণস্বৰূপে আপোনাৰ শত্ৰুক পৰাজিত কৰিবলৈ। কৰ্মবিধায়ক হিচাপে তেৱেঁই যথেষ্ট, যাৰ প্ৰতি বান্দাসকলে পৃথিৱী আৰু আখিৰাতৰ সকলো কৰ্মত ভৰসা কৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• الصبر على الأذى من صفات الداعية الناجح.
দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰাটো সফল ধৰ্মপ্ৰচাৰকৰ বৈশিষ্ট্য।

• يُنْدَب للزوج أن يعطي مطلقته قبل الدخول بها بعض المال جبرًا لخاطرها.
নৱ বিবাহিত স্ত্ৰীক যৌন-মিলনৰ পূৰ্বেই যদি তালাক দিয়া হয়, তেন্তে স্বামীয়ে তাইৰ আন্তৰিক তৃপ্তিৰ বাবে স্বামীৰ সামৰ্থ অনুযায়ী তাইক সম্পদ প্ৰদান কৰা উচিত। এইটো স্বামীৰ ফালৰ পৰা লোৱা এটা ভাল পদক্ষেপ।

• خصوصية النبي صلى الله عليه وسلم بجواز نكاح الهبة، وإن لم يحدث منه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল যে, যদি কোনো নাৰীয়ে মোহৰ নোহোৱাকৈ নিজকে তেখেতৰ ওচৰত সমৰ্পন কৰে, তেন্তে তাইক বিবাহ কৰাটো তেখেতৰ বাবে বৈধ আছিল। যদিও এনেকুৱা কোনো ঘটনা তেখেতৰ জীৱনত সংঘটিত হোৱা নাই।

 
શબ્દોનું ભાષાંતર આયત: (48) સૂરહ: અલ્ અહઝાબ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો