Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (49) સૂરહ: અશ્ શૂરા
لِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— یَخْلُقُ مَا یَشَآءُ ؕ— یَهَبُ لِمَنْ یَّشَآءُ اِنَاثًا وَّیَهَبُ لِمَنْ یَّشَآءُ الذُّكُوْرَ ۟ۙ
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, নৰ-নাৰী অথবা আন কিবা। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে আৰু পুত্ৰ সন্তানৰ পৰা বঞ্চিত কৰে। আনহাতে কাৰোবাক আকৌ পুত্ৰ সন্তান দান কৰে আৰু কন্যা সন্তানৰ পৰা বঞ্চিত কৰে। পক্ষান্তৰে তেওঁ যাক ইচ্ছা কৰে পুত্ৰ সন্তান আৰু কন্যা সন্তান উভয়ে প্ৰদান কৰে। তথা যাক ইচ্ছা কৰে বন্ধ্যা বনাই দিয়ে, ফলত তাৰ কোনো সন্তান নহয়। নিশ্চয় যি হৈছে আৰু ভৱিষ্যতত যি হ’ব সেই সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। এইটো হৈছে তেওঁৰ পৰিপূৰ্ণ জ্ঞান আৰু স্বয়ংসম্পূৰ্ণ হিকমতৰ পৰিচয়। একোৱেই তেওঁৰ পৰা গোপন নহয় আৰু কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• وجوب المسارعة إلى امتثال أوامر الله واجتناب نواهيه.
আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা আদি বিধান পালনত ততাতৈয়া কৰা আৱশ্যক।

• مهمة الرسول البلاغ، والنتائج بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে বাৰ্তা পৌঁচাই দিয়া, আৰু ফলাফলৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• هبة الذكور أو الإناث أو جمعهما معًا هو على مقتضى علم الله بما يصلح لعباده، ليس فيها مزية للذكور دون الإناث.
আল্লাহৰ জ্ঞান অনুসাৰে বান্দাৰ কল্যাণ আগত ৰাখি তাক পুত্ৰ অথবা কন্যা সন্তান দান কৰা হয়, নাইবা উভয় সন্তানেই প্ৰদান কৰা হয়। কিন্তু এইটোৱে প্ৰমাণ নকৰে যে, পুত্ৰ সন্তান কন্যা সন্তানতকৈ উত্তম।

• يوحي الله تعالى إلى أنبيائه بطرق شتى؛ لِحِكَمٍ يعلمها سبحانه.
আল্লাহে তেওঁৰ নবীসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে অহী প্ৰেৰণ কৰে, ইয়াৰ ৰহস্য সম্পৰ্কে কেৱল আল্লাহেই অৱগত।

 
શબ્દોનું ભાષાંતર આયત: (49) સૂરહ: અશ્ શૂરા
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો