Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (27) સૂરહ: અલ્ હદીદ
ثُمَّ قَفَّیْنَا عَلٰۤی اٰثَارِهِمْ بِرُسُلِنَا وَقَفَّیْنَا بِعِیْسَی ابْنِ مَرْیَمَ وَاٰتَیْنٰهُ الْاِنْجِیْلَ ۙ۬— وَجَعَلْنَا فِیْ قُلُوْبِ الَّذِیْنَ اتَّبَعُوْهُ رَاْفَةً وَّرَحْمَةً ؕ— وَرَهْبَانِیَّةَ ١بْتَدَعُوْهَا مَا كَتَبْنٰهَا عَلَیْهِمْ اِلَّا ابْتِغَآءَ رِضْوَانِ اللّٰهِ فَمَا رَعَوْهَا حَقَّ رِعَایَتِهَا ۚ— فَاٰتَیْنَا الَّذِیْنَ اٰمَنُوْا مِنْهُمْ اَجْرَهُمْ ۚ— وَكَثِیْرٌ مِّنْهُمْ فٰسِقُوْنَ ۟
ইয়াৰ পিছত আমি বিভিন্ন সম্প্ৰদায়ৰ প্ৰতি আমাৰ ৰাছুলসকলক ধাৰাবাহিকভাৱে প্রেৰণ কৰিছিলোঁ। ইয়াৰ পিছত আমি ঈছা ইবনু মাৰইয়ামক প্রেৰণ কৰিছিলোঁ আৰু তেওঁক ইঞ্জিল প্ৰদান কৰিছিলোঁ। যিসকলে তেওঁৰ ওপৰত ঈমান আনিছিল আৰু তেওঁৰ অনুগত হৈছিল তেওঁলোকৰ অন্তৰত আমি দয়া ঢালি দিছিলোঁ। ফলত তেওঁলোকে পৰস্পৰে পৰস্পৰক ভাল পাইছিল আৰু দয়াৰ বন্ধনত আৱদ্ধ আছিল। কিন্তু তেওঁলোকে দ্বীনৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰিছিল। ফলত তেওঁলোকে কিছুমান হালাল বিধান পৰিত্যাগ কৰিছিল, যেনে- বিবাহ আৰু ভোগ-সামগ্ৰী আদি। তেওঁলোকৰ পৰা এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। বৰং তেওঁলোকে নিজেই দ্বীনৰ মাজত নৱ উদ্ভাৱন কৰি ইয়াক নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছিল। প্ৰকৃততে আমি তেওঁলোকৰ পৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ কাম কৰাৰ দাবী কৰিছিলোঁ। কিন্তু তেওঁলোকে সেইটো কৰা নাছিল। সেয়ে তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দান কৰিছোঁ। কিন্তু তেওঁলোকৰ মাজৰ অধিকাংশ লোকেই মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা চৰীয়তক অস্বীকাৰ কৰি আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• الحق لا بد له من قوة تحميه وتنشره.
সত্যৰ বাবে নিশ্চিতভাৱে এনেকুৱা শক্তিৰ প্ৰয়োজন, যি শক্তিয়ে ইয়াক সংৰক্ষণ কৰিব আৰু ইয়াক প্ৰচাৰ কৰিব।

• بيان مكانة العدل في الشرائع السماوية.
ঐশী চৰীয়তসমূহৰ মাজত ন্যায়ৰ অৱস্থান।

• صلة النسب بأهل الإيمان والصلاح لا تُغْنِي شيئًا عن الإنسان ما لم يكن هو مؤمنًا.
ঈমান্দাৰ আৰু নেককাৰ লোকৰ সৈতে বংশীয় সম্পর্কই মানুহক কোনো ধৰণৰ উপকাৰ সাধন কৰিব নোৱাৰে, যেতিয়ালৈকে সি নিজে ঈমান পোষণ নকৰিব।

• بيان تحريم الابتداع في الدين.
দ্বীনৰ মাজত নৱ আৱিষ্কাৰ হাৰাম।

 
શબ્દોનું ભાષાંતર આયત: (27) સૂરહ: અલ્ હદીદ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો