Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Sura: Suratu Al'shams   Aya:

ছুৰা আশ্ব-শ্বামচ

daga cikin abunda Surar ta kunsa:
التأكيد بأطول قسم في القرآن، على تعظيم تزكية النفس بالطاعات، وخسارة دسّها بالمعاصي.
কোৰআনত বৰ্ণিত আটাইতকৈ দীঘল শপত, যিটো খোৱাৰ পিছত আল্লাহে আনুগত্য তথা নেক কৰ্মৰ জৰিয়তে অন্তৰক পৱিত্ৰ ৰখাৰ প্ৰতি তাগিদ কৰিছে, আৰু গুনাহৰ জৰিয়তে ইয়াক কলুষিত কৰিলে ক্ষতিগ্ৰস্ত হ'ব বুলি উল্লেখ কৰিছে।

وَالشَّمْسِ وَضُحٰىهَا ۟
আল্লাহ তাআলাই সূৰ্যৰ আৰু পূৰ্ব দিশত উদয় হোৱা সময়ৰ শপত কৰিছে।
Tafsiran larabci:
وَالْقَمَرِ اِذَا تَلٰىهَا ۟
আৰু চন্দ্ৰৰ শপত কৰিছে যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়।
Tafsiran larabci:
وَالنَّهَارِ اِذَا جَلّٰىهَا ۟
আৰু দিনৰ শপত কৰিছে যেতিয়া ই তাৰ পোহৰেৰে পৃথিৱীৰ সকলো বস্তু আলোকিত কৰে।
Tafsiran larabci:
وَالَّیْلِ اِذَا یَغْشٰىهَا ۟
আৰু ৰাতিৰ শপত কৰিছে যেতিয়া ই পৃথিৱীত সম্প্ৰসাৰিত হয়, ফলত পৃথিৱী অন্ধকাৰাচ্ছন্ন হৈ পৰে।
Tafsiran larabci:
وَالسَّمَآءِ وَمَا بَنٰىهَا ۟
আৰু আকাশ তথা ইয়াৰ মজবুত নিৰ্মাণৰ শপত কৰিছে।
Tafsiran larabci:
وَالْاَرْضِ وَمَا طَحٰىهَا ۟
আৰু পৃথিৱী তথা ইয়াৰ প্ৰসাৰতাৰ শপত কৰিছে যাতে ইয়াৰ ওপৰত মানুহে থাকিব পাৰে।
Tafsiran larabci:
وَنَفْسٍ وَّمَا سَوّٰىهَا ۟
আৰু প্ৰত্যেক জীৱৰেই শপত কৰিছে তথা আল্লাহৰ মখলুকৰ সঠিক সৃজনৰ শপত কৰিছে।
Tafsiran larabci:
فَاَلْهَمَهَا فُجُوْرَهَا وَتَقْوٰىهَا ۟
আৰু তাক বিনা শিক্ষাই বুজাই দিছে যে, কোনটো বেয়া, যাৰ পৰা বিৰত থাকিব লাগিব আৰু কোনটো ভাল যিটো কৰিব লাগিব।
Tafsiran larabci:
قَدْ اَفْلَحَ مَنْ زَكّٰىهَا ۟
সেই ব্যক্তি সফল হৈছে যিয়ে তাৰ আত্মাক সদাচাৰেৰে অলংকৃত কৰিছে আৰু দূৰাচাৰৰ পৰা বিৰত থাকি পৱিত্ৰ ৰাখিছে।
Tafsiran larabci:
وَقَدْ خَابَ مَنْ دَسّٰىهَا ۟ؕ
আৰু সেই ব্যক্তি ক্ষতিগ্ৰস্থ হৈছে যিয়ে নিজকে অবাধ্যতা আৰু পাপ কৰ্মৰ জৰিয়তে নিজকে কুলষিত কৰিছে।
Tafsiran larabci:
كَذَّبَتْ ثَمُوْدُ بِطَغْوٰىهَاۤ ۟
ছামুদ সম্প্ৰদায়ে অবাধ্যতা আৰু পাপ কৰ্মৰ ক্ষেত্ৰত সীমালংঘন কৰাৰ কাৰণে সিহঁতৰ নবী ছলেহ আলাইহিছ ছালামক অস্বীকাৰ কৰিছিল।
Tafsiran larabci:
اِذِ انْۢبَعَثَ اَشْقٰىهَا ۟
যেতিয়া সিহঁতৰ সৱাতোকৈ হতভাগ্য ব্যক্তিয়ে তাৰ সম্প্ৰদায়ে কোৱাত তত্পৰ হৈ উঠিল।
Tafsiran larabci:
فَقَالَ لَهُمْ رَسُوْلُ اللّٰهِ نَاقَةَ اللّٰهِ وَسُقْیٰهَا ۟ؕ
তেতিয়া আল্লাহৰ ৰাছুল ছলেহ আলাইহিছ ছালামে সিহঁতক কলেঃ আল্লাহৰ উটজনীক স্বাধীন থাকিবলৈ দিয়া আৰু তাৰ পালৰ দিনা পানী পান কৰিবলৈ দিয়া। তাইক কোনো কষ্ট নিদিবা।
Tafsiran larabci:
فَكَذَّبُوْهُ فَعَقَرُوْهَا— فَدَمْدَمَ عَلَیْهِمْ رَبُّهُمْ بِذَنْۢبِهِمْ فَسَوّٰىهَا ۟
সিহঁতে উটজনীৰ ক্ষেত্ৰত সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু সিহঁতৰ এজন হতভাগ্য ব্যক্তিয়ে সিহঁতৰ সহমতত উটজনীক হত্যা কৰিছিল। যিহেতু এই পাপত সকলোৱে লিপ্ত আছিল। গতিকে আল্লাহ তাআলাই সিহঁত সকলোৰে প্ৰতি শাস্তি প্ৰেৰণ কৰিছিল আৰু সিহঁতক সিহঁতৰ পাপৰ নিমিত্তে এক তীব্ৰ শব্দৰ জৰিয়তে ধ্বংস কৰি দিছিল আৰু শাস্তিৰ ক্ষেত্ৰত সকলোকে সমপৰ্যায়ত ৰাখিছিল।
Tafsiran larabci:
وَلَا یَخَافُ عُقْبٰهَا ۟۠
আল্লাহে সিহঁতক শাস্তি প্ৰেৰণ কৰি ধ্বংস কৰি দিছিল, ইয়াৰ পৰিণাম ভয় নকৰাকৈ।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব।

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ।

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ।

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে।

 
Fassarar Ma'anoni Sura: Suratu Al'shams
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa