Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद सूरा: अल्-इन्सान   आयत:
وَمِنَ الَّیْلِ فَاسْجُدْ لَهٗ وَسَبِّحْهُ لَیْلًا طَوِیْلًا ۟
আৰু তেওঁক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক আৰু ইয়াৰ পিছত তেওঁৰ বাবে তাহাজ্জুদ পঢ়ক।
अरबी तफ़सीरें:
اِنَّ هٰۤؤُلَآءِ یُحِبُّوْنَ الْعَاجِلَةَ وَیَذَرُوْنَ وَرَآءَهُمْ یَوْمًا ثَقِیْلًا ۟
এই মুশ্বৰিক বিলাকে পাৰ্থিৱ জীৱনক ভাল পায় আৰু ক্বিয়ামতৰ দিনক উপেক্ষা কৰে। যিহেতু সেয়া এক কঠোৰ দিন। কিয়নো তাত আছে বহুত কঠিনতা আৰু পৰীক্ষা।
अरबी तफ़सीरें:
نَحْنُ خَلَقْنٰهُمْ وَشَدَدْنَاۤ اَسْرَهُمْ ۚ— وَاِذَا شِئْنَا بَدَّلْنَاۤ اَمْثَالَهُمْ تَبْدِیْلًا ۟
আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গাঠিসমূহ তথা অংগসমূহ সুদৃঢ় কৰিছো। আৰু যেতিয়া আমি সিহঁতক ধ্বংস কৰিবলৈ আৰু সিহঁতক পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিম তেতিয়া সিহঁতক ধ্বংস কৰি দিম আৰু পৰিৱৰ্তন কৰি দিম।
अरबी तफ़सीरें:
اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟
নিশ্চয় এই ছুৰা এক শিক্ষা আৰু উপদেশ। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব বিচাৰে সি ধৰি লোৱা উচিত।
अरबी तफ़सीरें:
وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟
আৰু তোমোলোকে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব নোৱাৰা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। সকলো বিষয় আল্লাহৰ হাতত। আল্লাহে জানে যে, কোনটো বস্তু তেওঁৰ বান্দাৰ কাৰণে কল্যাণকৰ আৰু কোনটো অকল্যাণকৰ। তেওঁ ৰচনাৰ ক্ষেত্ৰত, বিচাৰ-ফয়চালাত আৰু চৰীয়ত প্ৰণয়নত প্ৰজ্ঞাময়।
अरबी तफ़सीरें:
یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ— وَالظّٰلِمِیْنَ اَعَدَّ لَهُمْ عَذَابًا اَلِیْمًا ۟۠
তেওঁ যি বান্দাক ইচ্ছা কৰে নিজৰ ৰহমতত প্ৰৱেশ কৰায় তথা তাক ঈমান আৰু সত্কৰ্মৰ সামৰ্থ দিয়ে। আৰু যালিমসকলৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অৰ্থাৎ জাহান্নাম প্ৰস্তুত কৰি ৰাখিছে। যিসকলে কুফুৰী আৰু পাপ কৰ্মৰ জৰিয়তে নিজৰ প্ৰতি অত্যাচাৰ কৰে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• خطر التعلق بالدنيا ونسيان الآخرة.
পৃথিৱীৰ মায়া-মোহত আৱদ্ধ হৈ আখিৰাতক পাহৰি যোৱাৰ ক্ষতি।

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

• إهلاك الأمم المكذبة سُنَّة إلهية.
অস্বীকাৰকাৰী জাতিক ধ্বংস কৰা আল্লাহৰ বিধি সন্মত।

 
अर्थों का अनुवाद सूरा: अल्-इन्सान
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें