クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (39) 章: マルヤム章
وَاَنْذِرْهُمْ یَوْمَ الْحَسْرَةِ اِذْ قُضِیَ الْاَمْرُ ۘ— وَهُمْ فِیْ غَفْلَةٍ وَّهُمْ لَا یُؤْمِنُوْنَ ۟
হে ৰাছুল! মানুহক আপুনি অনুতাপ দিৱসৰ পৰা সতৰ্ক কৰক, যিদিনা ছহীফা মেৰিয়াই থোৱা হ'ব, মানুহৰ হিচাপ-কিতাপ সম্পন্ন কৰা হ'ব, আৰু প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ কৰ্মফল অৰ্পন কৰা হ'ব, তেতিয়া গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহৰ বাবে অনুতপ্ত হ'ব আৰু পূণ্যৱানসকলে অধিক নেকী নকৰাৰ বাবে পৰিতাপ কৰিব। অথচ পাৰ্থিৱ জীৱনত সিহঁত পৃথিৱীৰ মিছা মোহত পৰি আছিল, আখিৰাতৰ পৰা অমনোযোগী হৈ আছিল আৰু কিয়ামতৰ দিনৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
アラビア語 クルアーン注釈:
本諸節の功徳:
• لما كان اعتزال إبراهيم لقومه مشتركًا فيه مع سارة، ناسب أن يذكر هبتهما المشتركة وحفيدهما، ثم جاء ذكر إسماعيل مستقلًّا مع أن الله وهبه إياه قبل إسحاق.
যিহেতু ইব্ৰাহীম আলাইহিচ্ছালাম যেতিয়া নিজ সম্প্ৰদায়ৰ পৰা পৃথক হৈছিল তেতিয়া ‘ছাৰা’ তেওঁৰ লগত আছিল, সেয়ে এই পৃথকতাৰ কথা উল্লেখ কৰাৰ পিচত তেওঁলোক দুজনৰ পৰা জন্ম লাভ কৰা পুত্ৰ ইছহাক আৰু নাতি ইয়াকূবৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু ইয়াৰ পিচত পৃথকভাৱে ইছমাঈলৰ কথা উল্লেখ কৰা হৈছে। যদিও ইছহাকৰ পূৰ্বে আল্লাহে তেওঁক ইছমাঈল প্ৰদান কৰিছিল।

• التأدب واللطف والرفق في محاورة الوالدين واختيار أفضل الأسماء في مناداتهما.
পিতা-মাতাৰ লগত কথা কোৱাৰ সময়ত শিষ্টাচাৰ, নম্ৰতা-ভদ্ৰতা আৰু সন্মানৰ সৈতে কথা কোৱা উচিত, তথা তেওঁলোকক মাতিবলৈ উত্তম শব্দ ব্যৱহাৰ কৰা উচিত।

• المعاصي تمنع العبد من رحمة الله، وتغلق عليه أبوابها، كما أن الطاعة أكبر الأسباب لنيل رحمته.
পাপ কৰ্মই বান্দাক আল্লাহৰ দয়াৰ পৰা আঁতৰ কৰি দিয়ে, তথা বান্দাৰ বাবে দয়াৰ দুৱাৰ বন্ধ কৰি দিয়ে। পক্ষান্তৰে আল্লাহৰ আনুগত্য হৈছে তেওঁৰ দয়া লাভ কৰাৰ অন্যতম উপায়।

• وعد الله كل محسن أن ينشر له ثناءً صادقًا بحسب إحسانه، وإبراهيم عليه السلام وذريته من أئمة المحسنين.
আল্লাহে প্ৰত্যেক পূণ্যৱান ব্যক্তিক -যিয়ে সম্পূৰ্ণ নিষ্ঠাৰ সৈতে উত্তম পন্থাৰে কাম কৰে- এই প্ৰতিশ্ৰুতি দিছে যে, তেওঁৰ এই গুণ অনুপাতে তেওঁৰ সত্য প্ৰশংসা প্ৰচাৰ কৰিব। ইপিনে ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ সন্তান-সন্ততি হৈছে এনেকুৱা লোকৰ প্ৰতিনিধি।

 
対訳 節: (39) 章: マルヤム章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる