クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (197) 章: イムラ―ン家章
مَتَاعٌ قَلِیْلٌ ۫— ثُمَّ مَاْوٰىهُمْ جَهَنَّمُ ؕ— وَبِئْسَ الْمِهَادُ ۟
এই পৃথিৱী কেৱল খন্তেকীয়া উপভোগৰ সামগ্ৰী, ইয়াৰ কোনো স্থায়ীত্ব নাই। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠিকনা হৈছে জাহান্নাম। নিশ্চয় জুই সিহঁতৰ বাবে অতি নিকৃষ্ট বিছনা।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الأذى الذي ينال المؤمن في سبيل الله فيضطره إلى الهجرة والخروج والجهاد من أعظم أسباب تكفير الذنوب ومضاعفة الأجور.
আল্লাহৰ পথত মুমিনসকলে পোৱা সেই কষ্ট, যাৰ ফলত মুমিন বান্দাই হিজৰত কৰিবলৈ তথা ঘৰ-দুৱাৰ এৰিবলৈ আৰু যুদ্ধ কৰিবলৈ বাধ্য হয়, সেই কষ্ট পাপ মাৰ্জনা কৰাৰ আৰু নেকি বৃদ্ধি কৰাৰ অন্যতম কাৰণ।

• ليست العبرة بما قد ينعم به الكافر في الدنيا من المال والمتاع وإن عظم؛ لأن الدنيا زائلة، وإنما العبرة بحقيقة مصيره في الآخرة في دار الخلود.
বিষয় এইটো নহয় যে, কাফিৰসকলে পৃথিৱীত ধন-সম্পত্তি আৰু সূখ-শান্তি উপভোগ কৰি আছে, যদিও সিহঁতৰ সম্পত্তি আৰু সূখ যিমানেই ডাঙৰ নহওঁক কিয়। কিয়নো পৃথিৱী ধ্বংসশীল। বৰং চিন্তনীয় বিষয় এইটো যে, চিৰস্থায়ী ঘৰ আখিৰাতত সিহঁতৰ পৰিণাম কি হ'ব।

• من أهل الكتاب من يشهدون بالحق الذي في كتبهم، فيؤمنون بما أنزل إليهم وبما أنزل على المؤمنين، فهؤلاء لهم أجرهم مرتين.
আহলে কিতাবসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে তেওঁলোকৰ পুথিত থকা সত্যৰ সাক্ষী দিয়ে। এতেকে তেওঁলোকে সেইটোৰ ওপৰতো ঈমান পোষণ কৰে যিটো তেওঁলোকৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল। আৰু সেইটোৰ ওপৰতো যিটো মুমিনসকলৰ ওপৰত অৱতীৰ্ণ হৈছে। এনেকুৱা ব্যক্তিয়ে দ্বিগুন প্ৰতিদান পাব।

• الصبر على الحق، ومغالبة المكذبين به، والجهاد في سبيله، هو سبيل الفلاح في الآخرة.
সত্যৰ ওপৰত ধৈৰ্য ধাৰণ কৰা, আৰু অস্বীকাৰকাৰী সকলৰ লগত মুকাবিলা কৰা লগতে এই পথত যুদ্ধ কৰা, এয়া হৈছে আখিৰাতত পোৱা সফলতাৰ পথ।

 
対訳 節: (197) 章: イムラ―ン家章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる