クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (82) 章: 婦人章
اَفَلَا یَتَدَبَّرُوْنَ الْقُرْاٰنَ ؕ— وَلَوْ كَانَ مِنْ عِنْدِ غَیْرِ اللّٰهِ لَوَجَدُوْا فِیْهِ اخْتِلَافًا كَثِیْرًا ۟
ইহঁতে কোৰআনৰ ওপৰত গৱেষণা কিয় নকৰে আৰু ইয়াক মনোযোগ সহকাৰে পাঠ কিয় নকৰে। যাতে এই কথা প্ৰমাণ হৈ যায় যে, কোৰআনৰ ভিতৰত কোনো মতানৈক্য অথবা পাৰস্পাৰিক অমিল নাই লগতে যাতে আপুনি লৈ অহা দ্বীনৰ সত্যতাৰ প্ৰতিও সিহঁত পতিয়ন যায়। যদি কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ ফালৰ পৰা হলেহেঁতেন তেন্তে ইয়াৰ বিধানত পাৰস্পাৰিক অমিল থাকিলেহেঁতেন আৰু ইয়াৰ অৰ্থত বহুত বেমেজালি পোৱা গলহেঁতেন।
アラビア語 クルアーン注釈:
本諸節の功徳:
• تدبر القرآن الكريم يورث اليقين بأنه تنزيل من الله؛ لسلامته من الاضطراب، ويظهر عظيم ما تضمنه من الأحكام.
পৱিত্ৰ কোৰআন লৈ চিন্তা চৰ্চা কৰিলে অন্তৰত এই বিশ্বাস সৃষ্টি হয় যে, এইটো আল্লাহৰ অৱতীৰ্ণ পুথি, কিয়নো এই পুথিত কোনো পৰস্পৰ বিৰোধী কথা নাই। লগতে তাত থকা মহান বিধানসমূহও প্ৰকাশ পায়।

• لا يجوز نشر الأخبار التي تنشأ عنها زعزعة أمن المؤمنين، أو دبُّ الرعب بين صفوفهم.
এনেকুৱা বাৰ্তা প্ৰচাৰ কৰা উচিত নহয়, যিবোৰৰ দ্বাৰা মুছলিমসলৰ শান্তি ভঙ্গ হয় অথবা তেওঁলোকৰ শাৰীত ভীতিৰ সঞ্চাৰ হয়।

• التحدث بقضايا المسلمين والشؤون العامة المتصلة بهم يجب أن يصدر من أهل العلم وأولي الأمر منهم.
মুছলিমসকলৰ সমস্যা আৰু এই সম্পৰ্কীয় সাধাৰণ বিষয়সমূহত কথা কোৱাৰ অধিকাৰ কেৱল তেওঁলোকৰ উলামা (জ্ঞানী ব্যক্তিসকল)ৰ তথা দায়িত্বশীল ব্যক্তিসকলৰ।

• مشروعية الشفاعة الحسنة التي لا إثم فيها ولا اعتداء على حقوق الناس، وتحريم كل شفاعة فيها إثم أو اعتداء.
ভাল ছুপাৰিছ বা মধ্যস্ততা বৈধ হোৱাৰ প্ৰমাণ, যি মধ্যস্ততাত কোনো গুনাহ নাই বা মানুহৰ অধিকাৰ খৰ্ব নহয়। আনহাতে গুনাহ তথা অত্যাচাৰমূলক সকলো মধ্যস্ততা হাৰাম।

 
対訳 節: (82) 章: 婦人章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる