Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 章: 出来事章   節:
اِنَّهٗ لَقُرْاٰنٌ كَرِیْمٌ ۟ۙ
হে মানৱসমাজ! তোমালোকৰ সন্মুখত তিলাৱত কৰা এই কোৰআন হৈছে সন্মানিত কোৰআন। কাৰণ ইয়াৰ মাজত আছে বহু ধৰণৰ মহা উপকাৰিতা।
アラビア語 クルアーン注釈:
فِیْ كِتٰبٍ مَّكْنُوْنٍ ۟ۙ
এইখন সংৰক্ষিত আছে মানৱ দৃষ্টিৰ পৰা আঁতৰত থকা এখন গ্ৰন্থত। সেইখন হৈছে লাওহে মাহফূজ।
アラビア語 クルアーン注釈:
لَّا یَمَسُّهٗۤ اِلَّا الْمُطَهَّرُوْنَ ۟ؕ
পাপ-পঙ্কিলতা আৰু দোষ-ত্ৰুটিৰ পৰা পৰিস্কাৰ ফিৰিস্তাসকলৰ বাহিৰে আন কোনেও ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
アラビア語 クルアーン注釈:
تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟
এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ নবী মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত অৱতীৰ্ণ হৈছে।
アラビア語 クルアーン注釈:
اَفَبِهٰذَا الْحَدِیْثِ اَنْتُمْ مُّدْهِنُوْنَ ۟ۙ
হে মুশ্বৰিকসকল! তোমালোকে এইখনক সমৰ্থন নকৰি অস্বীকাৰ কৰি আছা?!
アラビア語 クルアーン注釈:
وَتَجْعَلُوْنَ رِزْقَكُمْ اَنَّكُمْ تُكَذِّبُوْنَ ۟
আৰু আল্লাহে নিয়ামত হিচাপে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে সেইটোৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি তোমালোকে সেইটোক অস্বীকাৰ কৰি আছা। লগতে তোমালোকে বৰষুণৰ সম্পৰ্ক গ্ৰহ-নক্ষত্ৰৰ সৈতে কৰিছা। সেয়ে তোমালোকে কোৱা যে, এই এই গ্ৰহৰ ফলত আজি আমাৰ ওপৰত বৰষুণ হৈছে?!
アラビア語 クルアーン注釈:
فَلَوْلَاۤ اِذَا بَلَغَتِ الْحُلْقُوْمَ ۟ۙ
এতেকে যেতিয়া আত্মা কণ্ঠনালীত আহি উপস্থিত হয়।
アラビア語 クルアーン注釈:
وَاَنْتُمْ حِیْنَىِٕذٍ تَنْظُرُوْنَ ۟ۙ
আৰু তোমালোকে নিজৰ সন্মুখত থকা মুমূর্ষু ব্যক্তিৰ প্ৰতি অসহায় হৈ চাই থাকা।
アラビア語 クルアーン注釈:
وَنَحْنُ اَقْرَبُ اِلَیْهِ مِنْكُمْ وَلٰكِنْ لَّا تُبْصِرُوْنَ ۟
তেতিয়া আমি আমাৰ জ্ঞান, ক্ষমতা আৰু ফিৰিস্তাসকলৰ মাধ্যমত তোমালোকতকৈও অধিক তোমালোকৰ মৃত ব্যক্তিৰ নিকটৱর্তী থাকোঁ। কিন্তু তোমালোকে সেই ফিৰিস্তাসকলক দেখা নোপোৱা।
アラビア語 クルアーン注釈:
فَلَوْلَاۤ اِنْ كُنْتُمْ غَیْرَ مَدِیْنِیْنَ ۟ۙ
যিহেতু তোমালোকে ধাৰণা কৰা যে, তোমালোকে নিজৰ কৰ্মৰ হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত নহ’বা,
アラビア語 クルアーン注釈:
تَرْجِعُوْنَهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ সন্মুখত ওলাই যোৱা এই প্ৰাণক কিয় ঘূৰাই আনিব নোৱাৰা?! প্ৰকৃততে তোমালোকে এইটো কৰিবলৈ সক্ষম নহয়।
アラビア語 クルアーン注釈:
فَاَمَّاۤ اِنْ كَانَ مِنَ الْمُقَرَّبِیْنَ ۟ۙ
আনহাতে যদি মৃত ব্যক্তি কল্যাণকৰ কৰ্মত অগ্রগামী আছিল।
アラビア語 クルアーン注釈:
فَرَوْحٌ وَّرَیْحَانٌ ۙ۬— وَّجَنَّتُ نَعِیْمٍ ۟
তেন্তে তেওঁৰ বাবে আছে এনেকুৱা শান্তি যাৰ পিছত কোনো ধৰণৰ ক্লান্তি নাথাকিব। আৰু আছে উত্তম জীৱিকা আৰু ৰহমত। সর্বোপৰি জান্নাত, যাৰ মাজত তেওঁ নিজৰ চাহিদানুযায়ী নিয়ামতসমূহ উপভোগ কৰিব পাৰিব।
アラビア語 クルアーン注釈:
وَاَمَّاۤ اِنْ كَانَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟ۙ
যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।
アラビア語 クルアーン注釈:
فَسَلٰمٌ لَّكَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟
যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।
アラビア語 クルアーン注釈:
وَاَمَّاۤ اِنْ كَانَ مِنَ الْمُكَذِّبِیْنَ الضَّآلِّیْنَ ۟ۙ
পক্ষান্তৰে যদি মৃত ব্যক্তি ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা বিষয়ৰ প্ৰতি মিথ্যাৰোপকাৰী হয় তথা সৰল পথৰ পৰা পথভ্রষ্ট হয়।
アラビア語 クルアーン注釈:
فَنُزُلٌ مِّنْ حَمِیْمٍ ۟ۙ
তেনেহ’লে তাক আপ্যায়ন কৰা হ’ব উতলা গৰম পানীৰে।
アラビア語 クルアーン注釈:
وَّتَصْلِیَةُ جَحِیْمٍ ۟
আৰু সি জাহান্নামৰ অগ্নিত দগ্ধ হ’ব।
アラビア語 クルアーン注釈:
اِنَّ هٰذَا لَهُوَ حَقُّ الْیَقِیْنِ ۟ۚ
হে নবী! আমি আপোনাক যি ঘটনা বৰ্ণনা কৰিছোঁ; সেইটো এনেকুৱা সত্য য’ত কোনো ধৰণৰ সন্দেহ নাই।
アラビア語 クルアーン注釈:
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠
গতিকে আপুনি নিজ প্ৰতিপালকৰ মহান নামৰ পৱিত্রতা বৰ্ণনা কৰক, আৰু তেওঁক দোষ-ত্ৰুটিৰ পৰা মুক্ত ঘোষণা কৰক।
アラビア語 クルアーン注釈:
本諸節の功徳:
• شدة سكرات الموت وعجز الإنسان عن دفعها.
মৃত্যুৰ যন্ত্রনা অতি কষ্টদায়ক, ইয়াক প্ৰতিহত কৰিবলৈ মানুহ অপাৰগ।

• الأصل أن البشر لا يرون الملائكة إلا إن أراد الله لحكمة.
প্ৰকৃততে মানুহে ফিৰিস্তাসকলক দেখিব নোৱাৰে। কিন্তু কোনো কাৰণবশতঃ যদি আল্লাহে ইচ্ছা কৰে তেন্তে এয়া সম্ভৱ।

• أسماء الله (الأول، الآخر، الظاهر، الباطن) تقتضي تعظيم الله ومراقبته في الأعمال الظاهرة والباطنة.
আল্লাহৰ এই নামবোৰে (আল-আওৱাল, আল-আখিৰ, আজ্জাহিৰ, আল-বাতিন) আল্লাহৰ যথোচিত সন্মান দাবী কৰে, লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্মতে তেওঁক স্মৰণ ৰখাৰ প্ৰমাণ বহন কৰে।

 
対訳 章: 出来事章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる