クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (28) 章: 家畜章
بَلْ بَدَا لَهُمْ مَّا كَانُوْا یُخْفُوْنَ مِنْ قَبْلُ ؕ— وَلَوْ رُدُّوْا لَعَادُوْا لِمَا نُهُوْا عَنْهُ وَاِنَّهُمْ لَكٰذِبُوْنَ ۟
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে কৈ আছে যে, সিহঁতক ওভোতাই পঠালে সিহঁতে ঈমান পোষণ কৰিব, বৰং যি কথাটো সিহঁতে গোপন কৰি কৈ আছিল যে, আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ, যেতিয়া সিহঁতৰ নিজৰ শৰীৰৰ অংগই সিহঁতৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তেতিয়া সিহঁতৰ সেই মিছা কথাৰ ৰহস্যভেদ হ'ব। ধৰি লোৱা হ'ল যদিও সিহঁতক পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সিহঁতে সেই কুফৰ আৰু শ্বিৰ্কৰ পিনেই উভতি যাব, যিটোৰ পৰা সিহঁতক বিৰত ৰখা হৈছিল। সিহঁতৰ এই প্ৰতিশ্ৰুতি মিছা।
アラビア語 クルアーン注釈:
本諸節の功徳:
• من عدل الله تعالى أنه يجمع العابد والمعبود والتابع والمتبوع في عَرَصات القيامة ليشهد بعضهم على بعض.
এইটো আল্লাহৰ ন্যায় যে, তেওঁ ক্বিয়ামতৰ দিনা উপাস্যকাৰী আৰু উপাস্যক লগতে অনুসৰণকাৰী আৰু যাৰ অনুসৰণ কৰা হৈছে সকলোকে একত্ৰিত কৰিব, যাতে ইজনে সিজনৰ বিৰুদ্ধে সাক্ষ্য দান কৰিব পাৰে।

• ليس كل من يسمع القرآن ينتفع به، فربما يوجد حائل مثل ختم القلب أو الصَّمَم عن الانتفاع أو غير ذلك.
কোৰআন শ্ৰৱণকাৰী সকলোৱেই যে, কোৰআনৰ পৰা উপকৃত হ'ব সেয়া জৰুৰী নহয়। কাৰণ কেতিয়াবা কেতিয়াবা কিছুমান প্ৰতিৰোধ আহি পৰে, যেনে অন্তৰত মোহৰ লগাই দিয়া অথবা উপকৃত হ'ব পৰা শ্ৰৱণশক্তি নথকা ইত্যাদি।

• بيان أن المشركين وإن كانوا يكذبون في الظاهر فهم يستيقنون في دواخلهم بصدق النبي عليه الصلاة والسلام.
এই বিষয়ৰ বৰ্ণনা যে, মুশ্বৰিকসকলে যদিও নবী চাল্লাল্লাহু আলাইহি অছল্লামক প্ৰকাশ্যভাৱে অস্বীকাৰ কৰিছিল কিন্তু অন্তৰেৰে এই বিশ্বাস পোষণ কৰিছিল যে, তেওঁ সত্য নবী।

• تسلية النبي عليه الصلاة والسلام ومواساته بإعلامه أن هذا التكذيب لم يقع له وحده، بل هي طريقة المشركين في معاملة الرسل السابقين.
এই কথাৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্তনা প্ৰদান কৰা যে, কেৱল তেওঁকেই মিছা প্ৰতিপন্ন কৰা হোৱা নাই বৰং মুশ্বৰিকসকলৰ এই আচৰণ পূৰ্বৱৰ্তী ৰাছুলসকলৰ লগতো আছিল।

 
対訳 節: (28) 章: 家畜章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる