Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (128) ជំពូក​: អាន់នីសាក
وَاِنِ امْرَاَةٌ خَافَتْ مِنْ بَعْلِهَا نُشُوْزًا اَوْ اِعْرَاضًا فَلَا جُنَاحَ عَلَیْهِمَاۤ اَنْ یُّصْلِحَا بَیْنَهُمَا صُلْحًا ؕ— وَالصُّلْحُ خَیْرٌ ؕ— وَاُحْضِرَتِ الْاَنْفُسُ الشُّحَّ ؕ— وَاِنْ تُحْسِنُوْا وَتَتَّقُوْا فَاِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟
যদি কোনো স্ত্ৰীয়ে এই আশংকা কৰে যে, তাইৰ প্ৰতি তাইৰ স্বামীৰ চাহিদা নাইকীয়া হৈছে, এতেকে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তাই যদি নিজৰ কিছুমান অধিকাৰ, যেনে- ভৰণ পোষণ আৰু একেলগে ৰাতি যাপন কৰা আদি লাঘৱ কৰি লয় আৰু উভয়ে যদি বুজা পৰাৰ মাধ্যমত সন্মত হয় তেন্তে কোনো গুনাহ নহয়। এনে ক্ষেত্ৰত পৰস্পৰৰ সন্মতিয়ে হৈছে তালাকতকৈ উত্তম। যদিও লোভ আৰু কৃপণতা হৈছে মানুহৰ স্বভাৱগত বস্তু। সেয়ে স্ত্ৰীয়ে সহজে নিজৰ অধিকাৰ হ্ৰাস কৰিবলৈ টান পায়। গতিকে স্বামী স্ত্ৰী উভয়ে ক্ষমা আৰু উপকাৰ কৰাৰ স্বভাৱ অৱলম্বন কৰি এই মানৱ প্ৰকৃতিৰ উপকাৰ কৰা উচিত। যদি তোমালোকে নিজৰ সকলো বিষয়ত উপকাৰৰ পন্থা অৱলম্বন কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• استحباب المصالحة بين الزوجين عند المنازعة، وتغليب المصلحة بالتنازل عن بعض الحقوق إدامة لعقد الزوجية.
পতি-পত্নীৰ বিবাদ হলে পৰামৰ্শৰ মাধ্যমত মীমাংসা কৰা উত্তম। লগতে বিবাহ সম্পৰ্ক অটুট ৰাখিবলৈ কিছুমান অধিকাৰ এৰি দিয়াৰ আদেশ।

• أوجب الله تعالى العدل بين الزوجات خاصة في الأمور المادية التي هي في مقدور الأزواج، وتسامح الشرع حين يتعذر العدل في الأمور المعنوية، كالحب والميل القلبي.
আল্লাহে স্ত্ৰীসকলৰ মাজত ন্যায় বিচাৰ কৰিবলৈ অনিবাৰ্য কৰিছে। বিশেষকৈ থকা মেলা আৰু ভৰণ-পোষণৰ ক্ষেত্ৰত, কিয়নো এই বিষয়বোৰ স্বামীৰ আয়ত্তত থাকে। আনহাতে অন্তৰৰ বিষয়বোৰ যেনে- মুহাব্বত, আন্তৰিক চাহিদা আদিৰ ক্ষেত্ৰত ন্যায় কৰা কঠিন হলে সেয়া চৰীয়তে অব্যাহতি দিছে।

• لا حرج على الزوجين في الفراق إذا تعذرت العِشْرة بينهما.
যদি বৈবাহিক জীৱন অতিবাহিত কৰা সম্ভৱ নহয় তেন্তে বিবাহ বিচ্ছেদ কৰাত কোনো অসুবিধা নাই।

• الوصية الجامعة للخلق جميعًا أولهم وآخرهم هي الأمر بتقوى الله تعالى بامتثال الأوامر واجتناب النواهي.
সকলো মানৱজাতিৰ প্ৰতি, সেয়া পূৰ্ব যুগৰ হওঁক অথবা পৰবৰ্তী যুগৰ, সকলোৰে প্ৰতি এটা ব্যপক উপদেশ এই যে, আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি কেৱল তেওঁকেই ভয় কৰা।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (128) ជំពូក​: អាន់នីសាក
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ