ការបកប្រែអត្ថន័យគួរអាន - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (25) ជំពូក​: សូរ៉ោះអាល់អះកហ្វ
تُدَمِّرُ كُلَّ شَیْ بِاَمْرِ رَبِّهَا فَاَصْبَحُوْا لَا یُرٰۤی اِلَّا مَسٰكِنُهُمْ ؕ— كَذٰلِكَ نَجْزِی الْقَوْمَ الْمُجْرِمِیْنَ ۟
“এই ধুমুহা যি দিশেৰে গতি কৰিব, প্ৰত্যেক সেই বস্তুক বিনাশ কৰি যাব যিটোক ধ্বংস কৰাৰ আদেশ আল্লাহে প্ৰদান কৰিছে”। ফলত সিহঁত সকলোৱে ধ্বংস্তূপত পৰিণত হৈছিল। এতেকে ইতিপূৰ্বে তাত যে জনবসতি আছিল সেইটোৰ প্ৰমাণ কেৱল সিহঁতৰ সেই চূৰ্ণ-বিচূৰ্ণ ঘৰ-বাৰিৰ দ্বাৰাহে পোৱা গৈছিল। এনেকুৱা কষ্টদায়ক শাস্তি আমি সেইসকল লোককো প্ৰদান কৰোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মত সদায় অটল থাকে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• لا علم للرسل بالغيب إلا ما أطلعهم ربهم عليه منه.
ৰাছুলসকলে গায়েব সম্পৰ্কে একো নাজানে। তেওঁলোকে গায়েব সম্পৰ্কে সেইখিনিয়ে জানে, যিখিনি আল্লাহে তেওঁলোকক জনাইছে।

• اغترار قوم هود حين ظنوا العذاب النازل بهم مطرًا، فلم يتوبوا قبل مباغتته لهم.
হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে শাস্তিক বৰষুণ বুলি ধাৰণা কৰি মহা ভুল কৰিছিল। সেইকাৰণেই সিহঁতে শাস্তিৰ পূৰ্বে তাওবা কৰিব পৰা নাছিল।

• قوة قوم عاد فوق قوة قريش، ومع ذلك أهلكهم الله.
আদ সম্প্ৰদায় কুৰাইশ্বতকৈ অধিক শক্তিশালী আছিল। তথাপিও আল্লাহে সিহঁতক ধ্বংস কৰিছিল।

• العاقل من يتعظ بغيره، والجاهل من يتعظ بنفسه.
বিবেকৱান ব্যক্তিয়ে আনৰ ভুল-ত্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰে, আনহাতে মূৰ্খই নিজৰ ওপৰত বিপদ নামি অহাৰ পিছতহে শিক্ষা লব বিচাৰে।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (25) ជំពូក​: សូរ៉ោះអាល់អះកហ្វ
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - សន្ទស្សន៍នៃការបកប្រែ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

បិទ