Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (9) ជំពូក​: អាល់ហ៊ូជូរ៉ត
وَاِنْ طَآىِٕفَتٰنِ مِنَ الْمُؤْمِنِیْنَ اقْتَتَلُوْا فَاَصْلِحُوْا بَیْنَهُمَا ۚ— فَاِنْ بَغَتْ اِحْدٰىهُمَا عَلَی الْاُخْرٰی فَقَاتِلُوا الَّتِیْ تَبْغِیْ حَتّٰی تَفِیْٓءَ اِلٰۤی اَمْرِ اللّٰهِ ۚ— فَاِنْ فَآءَتْ فَاَصْلِحُوْا بَیْنَهُمَا بِالْعَدْلِ وَاَقْسِطُوْا ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ۟
যদি মুমিনসকলৰ দুটা ফৈদে পৰস্পৰে কাজিয়াত লিপ্ত হয়, তেন্তে হে মুমিনসকল! তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। আল্লাহৰ চৰীয়তক নিৰ্ণায়ক ভূমিকাত ৰাখি দুয়ো দলকে ইয়াৰ প্ৰতি আহ্বান কৰা। দুয়ো দলৰ কোনো এটা দলে যদি মীমাংসাত বহিবলৈ অস্বীকাৰ কৰে তথা সীমালঙ্ঘন কৰে তেন্তে সেই দলৰ বিৰুদ্ধে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ বিধানৰ পিনে উভতি নাহে। যদি সিহঁতে আল্লাহৰ বিধানৰ প্ৰতি উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিয়া। লগতে সিহঁতৰ মাজত মীমাংসা কৰাৰ সময়ত নৈতিকভাৱে মীমাংসা কৰিবা। নিশ্চয় আল্লাহে ন্যায় সহকাৰে মীমাংসা কৰা ব্যক্তিসকলক ভাল পায়।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• وجوب التثبت من صحة الأخبار، خاصة التي ينقلها من يُتَّهم بالفسق.
সংবাদৰ সত্যতা নিৰূপণ কৰাটো বাঞ্চনীয়। বিশেষকৈ যদি কোনো সংবাদ ফাছিক্বসকলৰ দ্বাৰা বিয়পে।

• وجوب الإصلاح بين من يتقاتل من المسلمين، ومشروعية قتال الطائفة التي تصر على الاعتداء وترفض الصلح.
সেইসকল মুছলিমৰ মাজত মিলাপ্ৰীতিৰ বন্ধন সৃষ্টি কৰা অনিবাৰ্য, যিসকলে পৰস্পৰৰ মাজত বিবাদ কৰি আছে। লগতে সেই দলৰ বিপক্ষে যুদ্ধ কৰা উচিত, যি দলে সীমালঙ্ঘন কৰে তথা মীমাংসাত বহিবলৈ প্ৰস্তুত নহয়।

• من حقوق الأخوة الإيمانية: الصلح بين المتنازعين والبعد عما يجرح المشاعر من السخرية والعيب والتنابز بالألقاب.
ঈমানী ভাতৃত্ববোধৰ দাবী হৈছে এই যে, দুটা বিবদমান দলৰ মাজত মীমাংসা কৰি দিয়া উচিত, লগতে উপহাস কৰা, তিৰস্কাৰ কৰা, বেয়া উপাধিৰে মাতা ইত্যাদি কষ্টদায়ক বিষয়ৰ পৰা আঁতৰত থকা উচিত।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (9) ជំពូក​: អាល់ហ៊ូជូរ៉ត
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ