Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ ជំពូក​: អាល់ហ្វាច់រ៍   អាយ៉ាត់:

আল-ফজৰ

គោល​បំណងនៃជំពូក:
بيان عاقبة الطغاة، والحكمة من الابتلاء، والتذكير بالآخرة.
পাপিষ্ঠসকলৰ পৰিণাম আৰু বিপদ-আপদৰ মাজত নিহিত থকা হিকমতৰ বৰ্ণনা, লগতে আখিৰাত সম্পৰ্কে স্মৰণ কৰোৱা হৈছে।

وَالْفَجْرِ ۟ۙ
আল্লাহ তাআলাই ফজৰৰ শপত কৰিছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَلَیَالٍ عَشْرٍ ۟ۙ
আৰু জিল হজ্জ মাহৰ প্ৰথম দহ ৰাতিৰ শপত কৰিছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَّالشَّفْعِ وَالْوَتْرِ ۟ۙ
আৰু সকলো যোৰ আৰু বিযোৰ বস্তুৰ শপত কৰিছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَالَّیْلِ اِذَا یَسْرِ ۟ۚ
আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই আহে, যায় আৰু বিদায় লয়। এই শপতবোৰৰ উত্তৰ হল তোমালোকে নিজৰ কৰ্মৰ পৰিণাম নিশ্চয় পাবা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
هَلْ فِیْ ذٰلِكَ قَسَمٌ لِّذِیْ حِجْرٍ ۟ؕ
এই বিৱৰণৰ ভিতৰত এনেকুৱা কোনো শপত আছে নেকি, যিটো বোধসম্পন্ন ব্যক্তিৰ বাবে যথেষ্ট নহয়?
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِعَادٍ ۟
হে ৰাছুল, যেতিয়া আদ সম্প্ৰদায়ে সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল তেতিয়া আপোনাৰ প্ৰতিপালকে সিহঁৰত লগত কি ব্যৱহাৰ কৰিছিল সেয়া দেখা নাই নে?
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اِرَمَ ذَاتِ الْعِمَادِ ۟
আদ জাতিৰ এটা গোত্ৰ, যিটো সিহঁতৰ পিতৃপুৰুষ ইৰামৰ লগত সমপৃক্ত আছিল আৰু এই গোত্ৰৰ মানুহ আছিল বহুত দীঘল।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
الَّتِیْ لَمْ یُخْلَقْ مِثْلُهَا فِی الْبِلَادِ ۟
সেইটো এনেকুৱা জাতি আছিল যে, তেনেকুৱা জাতি আল্লাহে আন কোনো দেশত সৃষ্টি কৰা নাছিল।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَثَمُوْدَ الَّذِیْنَ جَابُوا الصَّخْرَ بِالْوَادِ ۟
আপুনি দেখা নাইনে যে, আপোনাৰ প্ৰতিপালকে ছলেহ আলাইহিছ ছালামৰ জাতি ছামুদৰ লগত কি আচৰণ কৰিছিল? যিসকলে হিজৰ নামক ঠাইত পাহাৰৰ প্ৰকাণ্ড শীল কাটি ঘৰ সাজিছিল।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَفِرْعَوْنَ ذِی الْاَوْتَادِ ۟
আপুনি দেখা নাইনে, আপোনাৰ প্ৰতিপালকে ফিৰআউনৰ লগত কি কৰিছিল, যাৰ ওচৰত মানুহক শাস্তি দিয়াৰ বাবে শূলদণ্ড আছিল?
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
الَّذِیْنَ طَغَوْا فِی الْبِلَادِ ۟
এই সকলোৱে শক্তিৰ ফলত অত্যাচাৰৰ চৰমসীমা অতিক্ৰম কৰিছিল। প্ৰত্যেকে নিজ এলাকাত সীমালংঘন কৰিছিল।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
فَاَكْثَرُوْا فِیْهَا الْفَسَادَ ۟
আৰু দেশত কুফৰী আৰু পাপ বিস্তাৰ কৰি অশান্তিৰ সৃষ্টি কৰিছিল।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
فَصَبَّ عَلَیْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ۟ۚۙ
তেতিয়া আল্লাহ তাআলাই সিহঁতক কঠোৰ শাস্তি উপভোগ কৰাইছে আৰু পৃথিৱীৰ পৰা তুলি আঁতৰত পেলাইছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اِنَّ رَبَّكَ لَبِالْمِرْصَادِ ۟ؕ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে মানুহৰ কৰ্মবোৰ সুপ্তভাৱে দেখি আছে আৰু নিৰীক্ষণ কৰি আছে। যাতে ভাল কৰ্মকাৰীক জান্নাত আৰু বেয়া কৰ্মকাৰীক জাহান্নামত প্ৰৱেশ কৰাব পাৰে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
فَاَمَّا الْاِنْسَانُ اِذَا مَا ابْتَلٰىهُ رَبُّهٗ فَاَكْرَمَهٗ وَنَعَّمَهٗ ۙ۬— فَیَقُوْلُ رَبِّیْۤ اَكْرَمَنِ ۟ؕ
মানুহৰ স্বভাৱ হৈছে যেতিয়া তাৰ প্ৰতিপালকে তাক পৰীক্ষা কৰিবলৈ সন্মান প্ৰদান কৰে, ধন, সন্তান আৰু পদ প্ৰদান কৰে, তেতিয়া সি ধাৰণা কৰে যে, সি এইবোৰ বস্তু এই কাৰণে পাইছে যে, সি আল্লাহৰ প্ৰিয়। সেয়েহে সি কয়ঃ মোৰ প্ৰতিপালকে মোক সন্মান প্ৰদান কৰিছে। কিয়নো মই তাৰ সন্মানৰ অধিকাৰী আছিলোঁ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَاَمَّاۤ اِذَا مَا ابْتَلٰىهُ فَقَدَرَ عَلَیْهِ رِزْقَهٗ ۙ۬— فَیَقُوْلُ رَبِّیْۤ اَهَانَنِ ۟ۚ
আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ আৰ্থিক অনাটনত লিপ্ত কৰে তেতিয়া ভাৱে এয়া এই কাৰণেই হৈছে যে, তাৰ প্ৰতিপালকৰ ওচৰত তাৰ কোনো মৰ্যদা নাই। গতিকে সি কয়ঃ মোৰ প্ৰতিপালকে মোক অপমান কৰিছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
كَلَّا بَلْ لَّا تُكْرِمُوْنَ الْیَتِیْمَ ۟ۙ
কেতিয়াও নহয়। ঘটনা তেনে নহয় যিদৰে এওঁলোকে ভাবিছে যে, অনুগ্ৰহ বান্দাৰ প্ৰতি আল্লাহ তাআলাৰ সন্তুষ্ট হোৱাৰ প্ৰমাণ। সচাঁ কথাটো হৈছে, তোমালোকে এতিম সকলক সেই সম্পদৰ পৰা সহায় নকৰা যি সম্পদ আল্লাহ তাআলাই তোমালোকক প্ৰদান কৰিছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَلَا تَحٰٓضُّوْنَ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ۙ
দুখীয়া যাৰ ওচৰত খাবলৈ একোৱে নাই তাক আহাৰ খুওৱাবলৈ তোমালোকে এজনে আনজনক প্ৰেৰণ নিদিয়া।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَتَاْكُلُوْنَ التُّرَاثَ اَكْلًا لَّمًّا ۟ۙ
দূৰ্বল স্ত্ৰী আৰু এতিম সকলৰ অধীকাৰ বৈধ-অবৈধৰ কোনো কেৰেপ নকৰাকৈ ভক্ষণ কৰা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَّتُحِبُّوْنَ الْمَالَ حُبًّا جَمًّا ۟ؕ
আৰু তোমালোকে ধন-সম্পত্তিক অধিক ভাল পোৱা, সেয়ে আল্লাহৰ পথত খৰচ কৰিবলৈ কৃপণালী কৰা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
كَلَّاۤ اِذَا دُكَّتِ الْاَرْضُ دَكًّا دَكًّا ۟ۙ
তোমালোকৰ আমল এনেকুৱা হোৱা অনুচিত। সেই সময়ক স্মৰণ কৰা যেতিয়া পৃথিৱীখনক সজোৰে কম্পিত কৰোৱা হব।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَّجَآءَ رَبُّكَ وَالْمَلَكُ صَفًّا صَفًّا ۟ۚ
আৰু হে ৰাছুল, আপোনাৰ প্ৰতিপালকে বান্দাৰ মাজত নিৰ্ণয় কৰিবলৈ উপস্থিত হব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে আহিব।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• فضل عشر ذي الحجة على أيام السنة.
গোটেই বছৰৰ মাজত জিল হজ্জ মাহৰ (প্ৰথম)দহ দিনৰ মৰ্যদা।

• ثبوت المجيء لله تعالى يوم القيامة وفق ما يليق به؛ من غير تشبيه ولا تمثيل ولا تعطيل.
ক্বিয়ামতৰ দিনা আল্লাহ তাআলাৰ মৰ্যদা অনুসৰি অহাৰ প্ৰমাণ। বৰঞ্চ তেওঁৰ আগমনক আন কাৰো আগমনৰ লগত ৰিজাব নোৱাৰি, কোনো ধৰণৰ উদাহৰণ দিয়া নাযাব আৰু অস্বীকাৰো কৰিব নোৱাৰি।

• المؤمن إذا ابتلي صبر وإن أعطي شكر.
মুমিন সকলক যেতিয়া কোনো পৰীক্ষা কৰা হয়, তেতিয়া তেওঁলোকে ধৈৰ্য ধাৰণ কৰে আৰু যেতিয়া অনুগ্ৰহ প্ৰদান কৰা হয় তেতিয়া কৃতজ্ঞতা জ্ঞাপন কৰে।

 
ការបកប្រែអត្ថន័យ ជំពូក​: អាល់ហ្វាច់រ៍
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ