Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - សន្ទស្សន៍នៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាន់នីសាក   អាយ៉ាត់:
وَلَوْ اَنَّا كَتَبْنَا عَلَیْهِمْ اَنِ اقْتُلُوْۤا اَنْفُسَكُمْ اَوِ اخْرُجُوْا مِنْ دِیَارِكُمْ مَّا فَعَلُوْهُ اِلَّا قَلِیْلٌ مِّنْهُمْ ؕ— وَلَوْ اَنَّهُمْ فَعَلُوْا مَا یُوْعَظُوْنَ بِهٖ لَكَانَ خَیْرًا لَّهُمْ وَاَشَدَّ تَثْبِیْتًا ۟ۙ
আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে, নিশ্চয় সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লহেঁতেন।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَّاِذًا لَّاٰتَیْنٰهُمْ مِّنْ لَّدُنَّاۤ اَجْرًا عَظِیْمًا ۟ۙ
আৰু তেতিয়া আমি নিশ্চয় সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰস্কাৰ প্ৰদান কৰিলোহেঁতেন।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَّلَهَدَیْنٰهُمْ صِرَاطًا مُّسْتَقِیْمًا ۟
আৰু নিশ্চয় সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَمَنْ یُّطِعِ اللّٰهَ وَالرَّسُوْلَ فَاُولٰٓىِٕكَ مَعَ الَّذِیْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمْ مِّنَ النَّبِیّٖنَ وَالصِّدِّیْقِیْنَ وَالشُّهَدَآءِ وَالصّٰلِحِیْنَ ۚ— وَحَسُنَ اُولٰٓىِٕكَ رَفِیْقًا ۟ؕ
আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেইসকল লোকৰ সঙ্গী হ’ব যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে, তেওঁলোক হৈছে নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- আৰু তেওঁলোক কিমান যে উত্তম সঙ্গী!
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ذٰلِكَ الْفَضْلُ مِنَ اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ عَلِیْمًا ۟۠
এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا خُذُوْا حِذْرَكُمْ فَانْفِرُوْا ثُبَاتٍ اَوِ انْفِرُوْا جَمِیْعًا ۟
হে মুমিনসকল! তোমালোকে আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَاِنَّ مِنْكُمْ لَمَنْ لَّیُبَطِّئَنَّ ۚ— فَاِنْ اَصَابَتْكُمْ مُّصِیْبَةٌ قَالَ قَدْ اَنْعَمَ اللّٰهُ عَلَیَّ اِذْ لَمْ اَكُنْ مَّعَهُمْ شَهِیْدًا ۟
আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰিব। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি ক’ব, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলোঁ’।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَلَىِٕنْ اَصَابَكُمْ فَضْلٌ مِّنَ اللّٰهِ لَیَقُوْلَنَّ كَاَنْ لَّمْ تَكُنْ بَیْنَكُمْ وَبَیْنَهٗ مَوَدَّةٌ یّٰلَیْتَنِیْ كُنْتُ مَعَهُمْ فَاَفُوْزَ فَوْزًا عَظِیْمًا ۟
আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোঁহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোঁহেঁতেন’।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
فَلْیُقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ الَّذِیْنَ یَشْرُوْنَ الْحَیٰوةَ الدُّنْیَا بِالْاٰخِرَةِ ؕ— وَمَنْ یُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ فَیُقْتَلْ اَوْ یَغْلِبْ فَسَوْفَ نُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟
এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। কাৰণ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয়লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាន់នីសាក
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - សន្ទស្សន៍នៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ