Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - សន្ទស្សន៍នៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាន់នីសាក   អាយ៉ាត់:
لَا یُحِبُّ اللّٰهُ الْجَهْرَ بِالسُّوْٓءِ مِنَ الْقَوْلِ اِلَّا مَنْ ظُلِمَ ؕ— وَكَانَ اللّٰهُ سَمِیْعًا عَلِیْمًا ۟
বেয়া কথা প্ৰকাশ কৰাক আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اِنْ تُبْدُوْا خَیْرًا اَوْ تُخْفُوْهُ اَوْ تَعْفُوْا عَنْ سُوْٓءٍ فَاِنَّ اللّٰهَ كَانَ عَفُوًّا قَدِیْرًا ۟
যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাৱান।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اِنَّ الَّذِیْنَ یَكْفُرُوْنَ بِاللّٰهِ وَرُسُلِهٖ وَیُرِیْدُوْنَ اَنْ یُّفَرِّقُوْا بَیْنَ اللّٰهِ وَرُسُلِهٖ وَیَقُوْلُوْنَ نُؤْمِنُ بِبَعْضٍ وَّنَكْفُرُ بِبَعْضٍ ۙ— وَّیُرِیْدُوْنَ اَنْ یَّتَّخِذُوْا بَیْنَ ذٰلِكَ سَبِیْلًا ۙ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান পোষণ কৰোঁ আৰু কিছুমানৰ লগত কুফৰী কৰোঁ’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اُولٰٓىِٕكَ هُمُ الْكٰفِرُوْنَ حَقًّا ۚ— وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ۟
ইহঁতেই হৈছে প্ৰকৃত কাফিৰ; (জানি থোৱা) আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَالَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرُسُلِهٖ وَلَمْ یُفَرِّقُوْا بَیْنَ اَحَدٍ مِّنْهُمْ اُولٰٓىِٕكَ سَوْفَ یُؤْتِیْهِمْ اُجُوْرَهُمْ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠
আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দিয়া হ’ব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
یَسْـَٔلُكَ اَهْلُ الْكِتٰبِ اَنْ تُنَزِّلَ عَلَیْهِمْ كِتٰبًا مِّنَ السَّمَآءِ فَقَدْ سَاَلُوْا مُوْسٰۤی اَكْبَرَ مِنْ ذٰلِكَ فَقَالُوْۤا اَرِنَا اللّٰهَ جَهْرَةً فَاَخَذَتْهُمُ الصّٰعِقَةُ بِظُلْمِهِمْ ۚ— ثُمَّ اتَّخَذُوا الْعِجْلَ مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ فَعَفَوْنَا عَنْ ذٰلِكَ ۚ— وَاٰتَیْنَا مُوْسٰی سُلْطٰنًا مُّبِیْنًا ۟
কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰী এটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَرَفَعْنَا فَوْقَهُمُ الطُّوْرَ بِمِیْثَاقِهِمْ وَقُلْنَا لَهُمُ ادْخُلُوا الْبَابَ سُجَّدًا وَّقُلْنَا لَهُمْ لَا تَعْدُوْا فِی السَّبْتِ وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ۟
আৰু সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলোঁ আৰু সিহঁতক কৈছিলোঁ, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলোঁ যে, ‘শনিবাৰে (বিশ্ৰামৰ দিনা মাছ ধৰি) সীমালংঘন নকৰিবা’, লগতে আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলোঁ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាន់នីសាក
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - សន្ទស្សន៍នៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ