Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಲ್- ಕದ್ರ್   ಶ್ಲೋಕ:

আল-ক্বদৰ

ಅಧ್ಯಾಯದ ಉದ್ದೇಶಗಳು:
بيان فضل ليلة القدر.
কদৰৰ ৰাতিৰ ফজিলতৰ বৰ্ণনা।

اِنَّاۤ اَنْزَلْنٰهُ فِیْ لَیْلَةِ الْقَدْرِ ۟ۚۙ
নিশ্চয় আমি কোৰআনখন এবাৰতে পৃথিৱীৰ আকাশত অৱতীৰ্ণ কৰিছো, যিদৰে ৰমজান মাহৰ সন্মানিত ৰাতিত (লাইলাতুল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَمَاۤ اَدْرٰىكَ مَا لَیْلَةُ الْقَدْرِ ۟ؕ
হে নবী, আপুনি জানে নে এই ৰাতিত কিমান মঙ্গল আৰু বৰকত আছে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
لَیْلَةُ الْقَدْرِ ۙ۬— خَیْرٌ مِّنْ اَلْفِ شَهْرٍ ۟ؕؔ
এয়া সৰ্বোত্তম মঙ্গল ৰাতি। কিয়নো এয়া ঈমান আৰু পূণ্য প্ৰাপ্তৰ উদ্দেশ্যে ৰাতি জাগৰণ কাৰীৰ বাবে এক হাজাৰ মাহৰ ৰাতিতকৈও উত্তম।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
تَنَزَّلُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ فِیْهَا بِاِذْنِ رَبِّهِمْ ۚ— مِنْ كُلِّ اَمْرٍ ۟ۙۛ
সেই ৰাতিত ফিৰিস্তাসকল আৰু জিব্ৰীল আলাইহিছ ছালামে তেওঁলোকৰ প্ৰতিপালকৰ আদেশমৰ্মে সেই বছৰত আল্লাহ তাআলাই লোৱা সকলো নিৰ্ণয়ৰ সৈতে অৱতীৰ্ণ হয়। যদিও সেই নিৰ্ণয় জীৱিকা, মৃত্যু, জন্ম সম্পৰ্কীয় নহওঁক কিয়।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
سَلٰمٌ ۛ۫— هِیَ حَتّٰی مَطْلَعِ الْفَجْرِ ۟۠
এই বৰকতময় ৰাতি পৰিপূৰ্ণভাৱে কল্যাণকৰ, এই কল্যাণ, আৰম্ভৰ পৰা অন্তলৈ অৰ্থাৎ ফজৰ লৈকে থাকে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি।

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী।

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಲ್- ಕದ್ರ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ