Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

PDF XML CSV Excel API
Please review the Terms and Policies

ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಮರ್ಯಮ್   ಶ್ಲೋಕ:
فَكُلِیْ وَاشْرَبِیْ وَقَرِّیْ عَیْنًا ۚ— فَاِمَّا تَرَیِنَّ مِنَ الْبَشَرِ اَحَدًا ۙ— فَقُوْلِیْۤ اِنِّیْ نَذَرْتُ لِلرَّحْمٰنِ صَوْمًا فَلَنْ اُكَلِّمَ الْیَوْمَ اِنْسِیًّا ۟ۚ
এতেকে খোৱা, সেৱন কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছোঁ। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاَتَتْ بِهٖ قَوْمَهَا تَحْمِلُهٗ ؕ— قَالُوْا یٰمَرْیَمُ لَقَدْ جِئْتِ شَیْـًٔا فَرِیًّا ۟
তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত আহি উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰয়াম! নিশ্চয় তুমি এটা অদ্ভূত কাণ্ড কৰিছা’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
یٰۤاُخْتَ هٰرُوْنَ مَا كَانَ اَبُوْكِ امْرَاَ سَوْءٍ وَّمَا كَانَتْ اُمُّكِ بَغِیًّا ۟ۖۚ
‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতা কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاَشَارَتْ اِلَیْهِ ۫ؕ— قَالُوْا كَیْفَ نُكَلِّمُ مَنْ كَانَ فِی الْمَهْدِ صَبِیًّا ۟
তেতিয়া মাৰয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ সৈতে আমি কেনেকৈ কথা পাতিম’?
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
قَالَ اِنِّیْ عَبْدُ اللّٰهِ ۫ؕ— اٰتٰىنِیَ الْكِتٰبَ وَجَعَلَنِیْ نَبِیًّا ۟ۙ
কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَّجَعَلَنِیْ مُبٰرَكًا اَیْنَ مَا كُنْتُ ۪— وَاَوْصٰنِیْ بِالصَّلٰوةِ وَالزَّكٰوةِ مَا دُمْتُ حَیًّا ۟ۙ
‘মই য’তেই নাথাকোঁ কিয় তেওঁ মোক বৰকতময় কৰিছে, লগতে তেওঁ মোক আজীৱন ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَّبَرًّا بِوَالِدَتِیْ ؗ— وَلَمْ یَجْعَلْنِیْ جَبَّارًا شَقِیًّا ۟
‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে, লগতে তেওঁ মোক অহংকাৰী, অবাধ্য বনোৱা নাই;
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَالسَّلٰمُ عَلَیَّ یَوْمَ وُلِدْتُّ وَیَوْمَ اَمُوْتُ وَیَوْمَ اُبْعَثُ حَیًّا ۟
‘আৰু মোৰ ওপৰত শান্তি অনিবাৰ্য যিদিনা মই জন্ম লাভ কৰিছোঁ, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ'ম’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ذٰلِكَ عِیْسَی ابْنُ مَرْیَمَ ۚ— قَوْلَ الْحَقِّ الَّذِیْ فِیْهِ یَمْتَرُوْنَ ۟
এইটোৱেই হৈছে মাৰয়ামৰ পুত্ৰ ঈছা (ৰ ঘটনা)। (মই যি বৰ্ণনা কৰিলোঁ) এইটোৱে হৈছে সত্য কথা, যি বিষয়ত সিহঁতে সন্দেহ পোষণ কৰে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
مَا كَانَ لِلّٰهِ اَنْ یَّتَّخِذَ مِنْ وَّلَدٍ ۙ— سُبْحٰنَهٗ ؕ— اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟ؕ
সন্তান গ্ৰহণ কৰাটো আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَاِنَّ اللّٰهَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
নিশ্চয় আল্লাহেই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ— فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنْ مَّشْهَدِ یَوْمٍ عَظِیْمٍ ۟
তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اَسْمِعْ بِهِمْ وَاَبْصِرْ ۙ— یَوْمَ یَاْتُوْنَنَا لٰكِنِ الظّٰلِمُوْنَ الْیَوْمَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁতে কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
 
ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಮರ್ಯಮ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್

ಮುಚ್ಚಿ