Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

PDF XML CSV Excel API
Please review the Terms and Policies

ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಲ್- ಬಕರ   ಶ್ಲೋಕ:
وَقَالُوْا كُوْنُوْا هُوْدًا اَوْ نَصٰرٰی تَهْتَدُوْا ؕ— قُلْ بَلْ مِلَّةَ اِبْرٰهٖمَ حَنِیْفًا ؕ— وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟
আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
قُوْلُوْۤا اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْنَا وَمَاۤ اُنْزِلَ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَمَاۤ اُوْتِیَ مُوْسٰی وَعِیْسٰی وَمَاۤ اُوْتِیَ النَّبِیُّوْنَ مِنْ رَّبِّهِمْ ۚ— لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْهُمْ ؗ— وَنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاِنْ اٰمَنُوْا بِمِثْلِ مَاۤ اٰمَنْتُمْ بِهٖ فَقَدِ اهْتَدَوْا ۚ— وَاِنْ تَوَلَّوْا فَاِنَّمَا هُمْ فِیْ شِقَاقٍ ۚ— فَسَیَكْفِیْكَهُمُ اللّٰهُ ۚ— وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟ؕ
এতেকে তোমালোকে যেনেকৈ ঈমান আনিছা সিহঁতেও যদি তেনেকৈ ঈমান আনে, তেন্তে নিশ্চয় সিহঁত হিদায়ত প্ৰাপ্ত হ’ব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত, এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
صِبْغَةَ اللّٰهِ ۚ— وَمَنْ اَحْسَنُ مِنَ اللّٰهِ صِبْغَةً ؗ— وَّنَحْنُ لَهٗ عٰبِدُوْنَ ۟
আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
قُلْ اَتُحَآجُّوْنَنَا فِی اللّٰهِ وَهُوَ رَبُّنَا وَرَبُّكُمْ ۚ— وَلَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ۚ— وَنَحْنُ لَهٗ مُخْلِصُوْنَ ۟ۙ
কোৱা, ‘আল্লাহ সম্পৰ্কে তোমালোকে আমাৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি? অথচ তেওঁ আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক! আমাৰ বাবে আমাৰ আমল, আৰু তোমালোকৰ বাবে তোমালোকৰ আমল; আৰু আমি তেওঁৰেই প্ৰতি একনিষ্ঠ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اَمْ تَقُوْلُوْنَ اِنَّ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطَ كَانُوْا هُوْدًا اَوْ نَصٰرٰی ؕ— قُلْ ءَاَنْتُمْ اَعْلَمُ اَمِ اللّٰهُ ؕ— وَمَنْ اَظْلَمُ مِمَّنْ كَتَمَ شَهَادَةً عِنْدَهٗ مِنَ اللّٰهِ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
তোমালোকে এইটো ক’ব বিচৰা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকল ইয়াহূদী বা নাছাৰা আছিল? কোৱা, ‘তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে’? সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ তৰফৰ পৰা লাভ কৰা সাক্ষ্য গোপন কৰে? আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ— لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ— وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ۟۠
তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
 
ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಲ್- ಬಕರ
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್

ಮುಚ್ಚಿ