Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

PDF XML CSV Excel API
Please review the Terms and Policies

ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಝ್ಝುಖ್ರುಫ್   ಶ್ಲೋಕ:
وَلِبُیُوْتِهِمْ اَبْوَابًا وَّسُرُرًا عَلَیْهَا یَتَّكِـُٔوْنَ ۟ۙ
আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَزُخْرُفًا ؕ— وَاِنْ كُلُّ ذٰلِكَ لَمَّا مَتَاعُ الْحَیٰوةِ الدُّنْیَا ؕ— وَالْاٰخِرَةُ عِنْدَ رَبِّكَ لِلْمُتَّقِیْنَ ۟۠
আৰু (অনুৰূপ দিলোঁহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত হৈছে কেৱল মুত্তাক্বীসকলৰ বাবেহে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَمَنْ یَّعْشُ عَنْ ذِكْرِ الرَّحْمٰنِ نُقَیِّضْ لَهٗ شَیْطٰنًا فَهُوَ لَهٗ قَرِیْنٌ ۟
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয়, আমি তাৰ বাবে নিয়োজিত কৰোঁ এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَاِنَّهُمْ لَیَصُدُّوْنَهُمْ عَنِ السَّبِیْلِ وَیَحْسَبُوْنَ اَنَّهُمْ مُّهْتَدُوْنَ ۟
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাবে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
حَتّٰۤی اِذَا جَآءَنَا قَالَ یٰلَیْتَ بَیْنِیْ وَبَیْنَكَ بُعْدَ الْمَشْرِقَیْنِ فَبِئْسَ الْقَرِیْنُ ۟
অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহি উপস্থিত হ’ব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলহেঁতেন!’ এতেকে কিমান নিকৃষ্ট সহচৰ সি!
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَلَنْ یَّنْفَعَكُمُ الْیَوْمَ اِذْ ظَّلَمْتُمْ اَنَّكُمْ فِی الْعَذَابِ مُشْتَرِكُوْنَ ۟
আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে সীমালংঘন কৰিছিলা; নিশ্চয় তোমালোক আটায়ে হৈছা শাস্তিৰ অংশীদাৰ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اَفَاَنْتَ تُسْمِعُ الصُّمَّ اَوْ تَهْدِی الْعُمْیَ وَمَنْ كَانَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে, আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক তুমি সৎপথত পৰিচালিত কৰিব পাৰিবানে?
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاِمَّا نَذْهَبَنَّ بِكَ فَاِنَّا مِنْهُمْ مُّنْتَقِمُوْنَ ۟ۙ
এতেকে যদি আমি তোমাক ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লমেই;
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اَوْ نُرِیَنَّكَ الَّذِیْ وَعَدْنٰهُمْ فَاِنَّا عَلَیْهِمْ مُّقْتَدِرُوْنَ ۟
অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় সিহঁতৰ ওপৰত আমি পূৰ্ণ ক্ষমতাৱান।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاسْتَمْسِكْ بِالَّذِیْۤ اُوْحِیَ اِلَیْكَ ۚ— اِنَّكَ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে, সেয়া তুমি দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَاِنَّهٗ لَذِكْرٌ لَّكَ وَلِقَوْمِكَ ۚ— وَسَوْفَ تُسْـَٔلُوْنَ ۟
নিশ্চয় এই কোৰআনখন হৈছে তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَسْـَٔلْ مَنْ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رُّسُلِنَاۤ اَجَعَلْنَا مِنْ دُوْنِ الرَّحْمٰنِ اٰلِهَةً یُّعْبَدُوْنَ ۟۠
তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ মাজৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকক সুধি চোৱা, আমি পৰম কৰুণাময় (ৰহমান)ৰ বাহিৰে ইবাদত কৰিব পৰা আন কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলোঁ নেকি?
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَاۤ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَقَالَ اِنِّیْ رَسُوْلُ رَبِّ الْعٰلَمِیْنَ ۟
নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) এজন ৰাছুল’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَلَمَّا جَآءَهُمْ بِاٰیٰتِنَاۤ اِذَا هُمْ مِّنْهَا یَضْحَكُوْنَ ۟
এতেকে তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেইবোৰক লৈ উপহাস কৰিবলৈ ধৰিলে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
 
ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಝ್ಝುಖ್ರುಫ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್

ಮುಚ್ಚಿ