Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

PDF XML CSV Excel API
Please review the Terms and Policies

ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಝ್ಝುಖ್ರುಫ್   ಶ್ಲೋಕ:
وَاِنَّهٗ لَعِلْمٌ لِّلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَاتَّبِعُوْنِ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
আৰু নিশ্চয় ঈছা হৈছে কিয়ামতৰ এটা নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই হৈছে সৰল পথ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَلَا یَصُدَّنَّكُمُ الشَّیْطٰنُ ۚ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟
চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَلَمَّا جَآءَ عِیْسٰی بِالْبَیِّنٰتِ قَالَ قَدْ جِئْتُكُمْ بِالْحِكْمَةِ وَلِاُبَیِّنَ لَكُمْ بَعْضَ الَّذِیْ تَخْتَلِفُوْنَ فِیْهِ ۚ— فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟
আৰু ঈছাই যেতিয়া স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ ওচৰলৈ হিকমত লৈ আহিছোঁ আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছিলা সেইবোৰ বিষয়ক স্পষ্ট কৰিবলৈ আহিছোঁ। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اِنَّ اللّٰهَ هُوَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
‘নিশ্চয় আল্লাহ, তেৱেঁই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই হৈছে সৰল পথ’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ— فَوَیْلٌ لِّلَّذِیْنَ ظَلَمُوْا مِنْ عَذَابِ یَوْمٍ اَلِیْمٍ ۟
তথাপিও সিহঁতৰ মাজৰ বিভিন্ন দলে মতানৈক্য সৃষ্টি কৰিছিল, সেয়ে যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ দুৰ্ভোগ!
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
هَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟
সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اَلْاَخِلَّآءُ یَوْمَىِٕذٍ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ اِلَّا الْمُتَّقِیْنَ ۟ؕ۠
সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
یٰعِبَادِ لَا خَوْفٌ عَلَیْكُمُ الْیَوْمَ وَلَاۤ اَنْتُمْ تَحْزَنُوْنَ ۟ۚ
হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اَلَّذِیْنَ اٰمَنُوْا بِاٰیٰتِنَا وَكَانُوْا مُسْلِمِیْنَ ۟ۚ
যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اُدْخُلُوا الْجَنَّةَ اَنْتُمْ وَاَزْوَاجُكُمْ تُحْبَرُوْنَ ۟
(তেওঁলোকক কোৱা হ'ব) তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকলে আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
یُطَافُ عَلَیْهِمْ بِصِحَافٍ مِّنْ ذَهَبٍ وَّاَكْوَابٍ ۚ— وَفِیْهَا مَا تَشْتَهِیْهِ الْاَنْفُسُ وَتَلَذُّ الْاَعْیُنُ ۚ— وَاَنْتُمْ فِیْهَا خٰلِدُوْنَ ۟ۚ
সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত সেই সকলো বস্তু উপলব্ধ থাকিব যিবোৰ মনে বিচাৰে আৰু যিবোৰ দেখিলে চকু তৃপ্ত হয়, আৰু তাত তোমালোকে স্থায়ী হ’বা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَتِلْكَ الْجَنَّةُ الَّتِیْۤ اُوْرِثْتُمُوْهَا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
এইটোৱেই হৈছে জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, কাৰণ তোমালোকে আমল কৰিছিলা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
لَكُمْ فِیْهَا فَاكِهَةٌ كَثِیْرَةٌ مِّنْهَا تَاْكُلُوْنَ ۟
তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে আহাৰ কৰিবা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
 
ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಝ್ಝುಖ್ರುಫ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್

ಮುಚ್ಚಿ