Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (99) അദ്ധ്യായം: യൂനുസ്
وَلَوْ شَآءَ رَبُّكَ لَاٰمَنَ مَنْ فِی الْاَرْضِ كُلُّهُمْ جَمِیْعًا ؕ— اَفَاَنْتَ تُكْرِهُ النَّاسَ حَتّٰی یَكُوْنُوْا مُؤْمِنِیْنَ ۟
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যদি পৃথিৱীৰ সকলো মানুহকে মুমিন বনাব বিচাৰিলেহেঁতেন, তেন্তে সকলোৱে ঈমান পোষণ কৰিলেহেঁতেন। কিন্তু তেওঁ বিশেষ হিকমত (প্ৰজ্ঞা) অনুযায়ী এয়া বিচৰা নাই। এতেকে তেওঁ যাক ইচ্ছা কৰে তেওঁৰ ন্যায় সিদ্ধান্তৰে সঠিক পথৰ পৰা আঁতৰাই দিয়ে, আৰু যাক ইচ্ছা কৰে নিজ কৃপাত সঠিক পথত পৰিচালিত কৰে। সেয়ে আপুনি মানুহক ঈমান পোষণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। কিয়নো সিহঁতক ঈমান পোষণ কৰাৰ তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الإيمان هو السبب في رفعة صاحبه إلى الدرجات العلى والتمتع في الحياة الدنيا.
ঈমানেই হৈছে মুমিনসকলৰ উচ্চ মৰ্যাদা লাভৰ মাধ্যম তথা পাৰ্থিৱ জীৱনত আনন্দ লাভ কৰাৰ উপায়।

• ليس في مقدور أحد حمل أحد على الإيمان؛ لأن هذا عائد لمشيئة الله وحده.
কোনেও কাকো ঈমান পোষণত বাধ্য কৰাব নোৱাৰে, কিয়নো এয়া কেৱল আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।

• لا تنفع الآيات والنذر من أصر على الكفر وداوم عليه.
যিসকলে কুফুৰীক খামুচি ধৰিছে আৰু তাৰ ওপৰত অবিচল আছে, সিহঁতৰ ক্ষেত্ৰত নিদৰ্শন আৰু সতৰ্কবাণী কোনো ফলদায়ক নহয়।

• وجوب الاستقامة على الدين الحق، والبعد كل البعد عن الشرك والأديان الباطلة.
সত্য ধৰ্মৰ ওপৰত অবিচল থকা অনিবাৰ্য, লগতে শ্বিৰ্ক আৰু অসত্য ধৰ্মৰ পৰা দূৰত্ব অৱলম্বন কৰা অপৰিহাৰ্য।

 
പരിഭാഷ ആയത്ത്: (99) അദ്ധ്യായം: യൂനുസ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക