Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (109) അദ്ധ്യായം: ബഖറഃ
وَدَّ كَثِیْرٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یَرُدُّوْنَكُمْ مِّنْ بَعْدِ اِیْمَانِكُمْ كُفَّارًا ۖۚ— حَسَدًا مِّنْ عِنْدِ اَنْفُسِهِمْ مِّنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْحَقُّ ۚ— فَاعْفُوْا وَاصْفَحُوْا حَتّٰی یَاْتِیَ اللّٰهُ بِاَمْرِهٖ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
ইয়াহুদী আৰু খৃষ্টানসকলৰ অধিকাংশ লোকে এই আশা পোষণ কৰে যে, সিহঁতে তোমালোকক ঈমানৰ সীমাৰেখাৰ পৰা উলিয়াই পুনৰ কুফৰত বৰ্তি কৰাব বিচাৰে, যিদৰে তোমালোকে ইয়াৰ পূৰ্বে মূৰ্ত্তি পূজাত লিপ্ত আছিলা। ইহঁতে ঈৰ্ষাৰ ফলত এনেকুৱা কামনা কৰে। অথচ সিহঁতৰ ওচৰত এইটো স্পষ্ট হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেয়া সত্য। এতেকে হে ঈমান্দাৰসকল! সিহঁতৰ এই কৰ্মক ক্ষমা কৰি দিয়া লগতে সিহঁতৰ অজ্ঞানতা আৰু ঈৰ্ষাক মাৰ্জনা কৰা, যেতিয়ালৈকে সিহঁতৰ বিষয়ে আল্লাহৰ আদেশ নাহে। আৰু এতিয়া আল্লাহৰ সেই আদেশ আহি পৰিছে। সেয়ে এতিয়া কাফিৰসকলক সুবিধা দিয়া হব যে, ইছলাম অথবা জিয-ইয়া কৰ নাইবা যুদ্ধ এই তিনিটাৰ যিটো ইচ্ছা চয়ন কৰা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ ওপৰত ক্ষমতাৱান। সেয়ে সিহঁতে তেওঁক অপাৰগ কৰিব নোৱাৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• أن الأمر كله لله، فيبدل ما يشاء من أحكامه وشرائعه، ويبقي ما يشاء منها، وكل ذلك بعلمه وحكمته.
সকলো বিষয় আল্লাহৰ হাতত। তেওঁ নিজৰ যি আদেশক ইচ্ছা কৰে পৰিবৰ্তন কৰে আৰু যিটো ইচ্ছা কৰে বলৱৎ কৰে আৰু এই সকলোবোৰ তেওঁ জানি বুজি নিজ প্ৰজ্ঞাৰ দ্বাৰাই কৰে।

• حَسَدُ كثيرٍ من أهل الكتاب هذه الأمة، لما خصَّها الله من الإيمان واتباع الرسول، حتى تمنوا رجوعها إلى الكفر كما كانت.
বহুতো আহলে কিতাবে এই উম্মতৰ লগত ঈৰ্ষা পোষণ কৰে। কেৱল এয়াই নহয়, তেওঁলোক যাতে পুনৰ কুফৰীৰ পিনে ওভতি যায় তাৰে কামনা কৰে। এয়া কাৰণে কৰে যে, আল্লাহে মুমিনসকলক ঈমান আৰু ৰাছুলৰ অনুসৰণৰ বৈশিষ্ট্য প্ৰদান কৰিছে।

 
പരിഭാഷ ആയത്ത്: (109) അദ്ധ്യായം: ബഖറഃ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക