Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (10) അദ്ധ്യായം: ന്നൂർ
وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ وَاَنَّ اللّٰهَ تَوَّابٌ حَكِیْمٌ ۟۠
হে মানৱজাতি! যদি তোমালোকৰ ওপৰত আল্লাহৰ কৃপা আৰু দয়া নহ’লহেঁতেন আৰু তেওঁ যদি তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল নহ’লহেঁতেন, লগতে পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত যদি প্ৰজ্ঞাৱান নহ’লহেঁতেন তেন্তে তোমালোকৰ গুনাহৰ বাবে তোমালোকক শাস্তি প্ৰদানত খৰখেদা কৰিলেহেঁতেন, আৰু তোমালোকে অপমানৰ সন্মুখীন হ’লাহেঁতেন।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• التمهيد للحديث عن الأمور العظام بما يؤذن بعظمها.
গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰাৰ পূৰ্বে ভূমিকা উপস্থাপন কৰা, যি ভূমিকাই সেই আলোচনাৰ গুৰুত্বৰ প্ৰতি ইংগিত কৰে।

• الزاني يفقد الاحترام والرحمة في المجتمع المسلم.
ব্যাভিচাৰী ব্যক্তি মুছলিম সমাজত সন্মান তথা দয়া পোৱাৰ উপযুক্ত নহয়।

• الحصار الاجتماعي على الزناة وسيلة لتحصين المجتمع منهم، ووسيلة لردعهم عن الزنى.
ব্যাভিচাৰী ব্যক্তিৰ বাবে মুছলিম সমাজত সংকীৰ্ণতা সৃষ্টি কৰাটো হৈছে সমাজক সিহঁতৰ পৰা ৰক্ষা কৰা, আৰু ব্যাভিচাৰী ব্যক্তিক ব্যাভিচাৰৰ পৰা প্ৰতিৰোধ কৰাৰ উত্তম উপায়।

• تنويع عقوبة القاذف إلى عقوبة مادية (الحد)، ومعنوية (رد شهادته، والحكم عليه بالفسق) دليل على خطورة هذا الفعل.
ব্যাভিচাৰৰ আৰোপ লগোৱা ব্যাক্তিৰ বাবে শাৰীৰিক শাস্তি আৰু অভৌতিক শাস্তি (যেনে তাৰ সাক্ষ্য প্ৰত্যাখ্যান কৰা আৰু তাক অৱজ্ঞাকাৰী বুলি ঘোষণা কৰা) নিৰ্ধাৰণ কৰাটোৱে প্ৰমাণ কৰে যে, এইটো এটা জঘণ্য অপৰাধ।

• لا يثبت الزنى إلا ببينة، وادعاؤه دونها قذف.
ব্যাভিচাৰ প্ৰমাণ কৰিবলৈ সাক্ষীৰ প্ৰয়োজন। সাক্ষী নাথাকিলে মিছা আৰোপ বুলি গণ্য হ'ব।

 
പരിഭാഷ ആയത്ത്: (10) അദ്ധ്യായം: ന്നൂർ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക