Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: ത്തൂർ   ആയത്ത്:

আত-তুৰ

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
الحجج والبراهين لرد شبهات المكذبين للنبي صلى الله عليه وسلم.
নিৰ্ভৰযোগ্য দলিল-প্ৰমাণৰ জৰিয়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকলৰ ভ্ৰান্ত ধাৰণা তথা সন্দেহ-সংশয়ৰ খণ্ডন।

وَالطُّوْرِ ۟ۙ
আল্লাহে সেই পৰ্বতৰ শপত খাইছে, যি পৰ্বতৰ ওপৰত মুছা আলাইহিচ্ছালামে আল্লাহৰ সৈতে কথা পাতিছিল।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَكِتٰبٍ مَّسْطُوْرٍ ۟ۙ
তথা সেই গ্ৰন্থৰ শপত খাইছে, যিখন লিপিবদ্ধ,
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فِیْ رَقٍّ مَّنْشُوْرٍ ۟ۙ
প্ৰসাৰিত আৰু উন্মুক্ত পাতত। উদাহৰণস্বৰূপে ঐশী গ্ৰন্থসমূহ।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّالْبَیْتِ الْمَعْمُوْرِ ۟ۙ
তথা আকাশত অৱস্থিত সেই পৱিত্ৰ ঘৰৰ শপত খাইছে, যিখন ঘৰক আল্লাহৰ ইবাদতৰ জৰিয়তে ফিৰিস্তাসকলে আবাদ কৰি ৰাখে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَالسَّقْفِ الْمَرْفُوْعِ ۟ۙ
লগতে সুউচ্চ আকাশৰ শপত খাইছে, যিখন পৃথিৱীৰ চাদস্বৰূপ।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَالْبَحْرِ الْمَسْجُوْرِ ۟ۙ
লগতে পানীৰে ভৰা সাগৰৰ শপত খাইছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِنَّ عَذَابَ رَبِّكَ لَوَاقِعٌ ۟ۙ
হে ৰাছুল! নিশ্চিতভাৱে কাফিৰসকলৰ ওপৰত আপোনাৰ প্ৰতিপালকৰ শাস্তি আহিবই।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
مَّا لَهٗ مِنْ دَافِعٍ ۟ۙ
তেওঁৰ এই শাস্তিক কোনেও ৰোধ কৰিব নোৱাৰে, আনহাতে সিহঁতক কোনেও ৰক্ষাও কৰিব নোৱাৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
یَّوْمَ تَمُوْرُ السَّمَآءُ مَوْرًا ۟
যিদিনা আকাশমণ্ডল প্ৰবলভাৱে প্ৰকম্পিত হ’ব, কিয়ামতৰ আগজাননীস্বৰূপে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّتَسِیْرُ الْجِبَالُ سَیْرًا ۟ؕ
পৰ্বতসমূহে নিজ স্থানৰ পৰা গতি কৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَوَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟ۙ
সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে আছে বিনাশ আৰু ধ্বংস, কাৰণ আল্লাহে কাফিৰসকলক শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
الَّذِیْنَ هُمْ فِیْ خَوْضٍ یَّلْعَبُوْنَ ۟ۘ
যিসকলে বাতিল পন্থা অনুসৰণ কৰি খেল-ধেমালিত লিপ্ত হৈ আছে। সিহঁতে আখিৰাতৰ জীৱনক আৰু পুনৰুত্থানক একো ভ্ৰূক্ষেপ নকৰে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
یَوْمَ یُدَعُّوْنَ اِلٰی نَارِ جَهَنَّمَ دَعًّا ۟ؕ
যিদিনা সিহঁতক গতিয়াই জাহান্নামৰ ফালে খেদি লৈ যোৱা হ’ব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
هٰذِهِ النَّارُ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟
তথা সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইটোৱেই সেই অগ্নি, যিটোৰ বিষয়ে ৰাছুলে তোমালোকক সতৰ্ক কৰিলে তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الكفر ملة واحدة وإن اختلفت وسائله وتنوع أهله ومكانه وزمانه.
কুফৰৰ এটাই ধৰ্ম, যদিও ইয়াৰ মাধ্যম, চেহেৰা, স্থান আৰু সময় ভিন ভিন।

• شهادة الله لرسوله صلى الله عليه وسلم بتبليغ الرسالة.
আল্লাহে তেওঁৰ ৰাছুলৰ পক্ষে এই কথাৰ সাক্ষ্য প্ৰদান কৰিছে যে, ৰাছুলে যথাযথভাৱে তেওঁৰ দায়িত্ব পালন কৰিছে।

• الحكمة من خلق الجن والإنس تحقيق عبادة الله بكل مظاهرها.
জিন আৰু মানৱ সৃষ্টিৰ উদ্দেশ্য হৈছে পৃথিৱীত যাতে সৰ্বাংগীনৰূপে আল্লাহৰ ইবাদত কৰা হয়।

• سوف تتغير أحوال الكون يوم القيامة.
কিয়ামতৰ দিনা বিশ্বজগতৰ ৰূপ-ৰেখা পৰিবৰ্তন হ’ব।

 
പരിഭാഷ അദ്ധ്യായം: ത്തൂർ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക